কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চলচিত্ৰীয়Proper Adj.
ছবি বা ভিডিঅ’ৰ দৃশ্যগত গুণ বা নান্দনিকতা৷
the visual qualities or aesthetics of a film or video.
- চলনশীলso.lon.xilProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- চলন্তcalantaAdjective
গতি-যুক্ত
moving
- চলন্তাcalantāAdjective
লৰাব নোবৰা কোনো দেবতাৰ মূৰ্ত্তিৰ সলনি লৈ ফুৰাবলৈ সাজি লোবা (মূৰ্ত্তি)
(an idol) portable and exhibited in the place of one which cannot be moved from its fixed place
- চলবলcalabalaAdjective
অস্হিৰ; যাওঁ যাওঁ কৈ থকা; উত্ৰাবল; যেনে -"চলবল কৰি পাব নেদয় ভূমিত" (ৰুক্মিণী-হৰণ)।
- চলবলীয়াcalabalīẏāAdjective
হাত-ভৰি জোকাৰি থকা; চট্ফটীয়া
sprightly; brisk
- চলমানso.lo.manProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- চলাcalāAdjective
চলি থকা; চল্তি; ব্যবহৱত হোবা; যেনে-"এইটকা ৰূপ নচলা হ'ল; মানুহ চলা বাট"
current; used
- চলাচলcalācalaAdjective
এচলা এচলা হোবা; ইয়াত এচলা তাত এচলা থকা
reduced or separated into flat pieces
- চলাহীso.la.hiVerbal Adj.
মিছা কথা বা বেশেৰে (কাৰোবাৰ) মন মুহিব পৰা
capable of misleading (someone) by a false appearance or statement
- চলিতcalitaAdjective
ব্যবহাৰত থকা; প্ৰচলিত; চলি থকা; ব্যবহৱত
current; in use
- চলৌপাতীcalaupātīAdjective
অমনোযোগী; কোনো কামতে মন পুতি নলগা
light-minded; unsteady
- চল্চলcalcalaAdjective
পানীৰে বা চকুৰ লোৰে ভৰা
full of water or tears
- চল্চলীয়াAdjective
পানীৰে খাল-বাম পূৰ হোবা
filled with water on all sides
- চল্তিcaltiAdjective
প্ৰচলিত; চলিত; সদায় চলি থকা
commonly used; current
- চল্তিsol.tiProper Adj.
সাধাৰণৰূপে ব্যৱহাৰ হৈ থকা; সদায় চলি থকা|
in common use in day to day life.
- চহকীcahakīNoun
খেতিয়ক
cultivator
- চহলcahalaAdjective
সুগম; যেনে-"চহল বাট"; ; বেয়া বিধৰ; যেনে-"চহল কাপোৰ"
easy ; of inferior quality
- চহাcahāTransitive verb
চাহ কৰ্; হাল-কোৰ বা
to till; to cultivate
- চহালProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.