কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডঁৰḍam̐raNoun
অৰ্থ-দণ্ড; দণ্ড-স্বৰূপে দিয়া বা লোবা ধন; জৰিমনা
a fine
- ডকাḍakāNoun
যৰ বেগেৰে বৈ যাওঁতে নৈৰ তলিত খুন্দা খাই হো হো শব্দ কৰি ওপৰলৈ উঠি চাৰিওফালে মেল খাই যোবা পানী
a current of water rising up to the surface in a circle with a roaring noise
- ডকৰা পৰ্do.ko.ra porVerb-Trans.
অলপকৈ পক্ বা পকিবলৈ ধৰ্
to ripen slightly or to begin to ripen
- ডকৰ্do.korVerb-Trans.
অলপকৈ পক্ বা পকিবলৈ ধৰ্
to ripen slightly or to begin to ripen
- ডকৰ্, ডকৰা পৰ্ḍakar, ḍakarā, parIntransitive verb
অলপকৈ পক্; পকিবলৈ ধৰ্
to ripen slightly; to begin to ripen
- ডগবগাVerb-Intran.
মৰিবলৈ ধৰা প্ৰাণীৰ দৰে কাতি হৈ পৰি খৰকৈ উশাহ ল
to roll on the ground and gasp for breath, like an animal about to die
- ডগমগাIntransitive verb
জলমলা; জকমকা
to glitter; to sparkle
- ডবা পিটা দেdo.ba pi.ta deVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- ডবা, জবাই ধৰ্ḍabā, jabāi, dharTransitive verb
তললৈ হেঁচা মাৰি ধৰ্
to press down
- ডবিয়াḍabiẏāTransitive verb
ডাবি দি; ধমক দি; তিৰস্কাৰ কৰ্; ডাঙৰ মাতেৰে খং প্ৰকাশ কৰ্; . কৱদ
to menance; to scold; to chide with anger
- ডবুৱাdo.bu.waVerbal Adj.
ডাব লগোৱা বা ডাবৰ ভিতৰত ধাৰ থকা অংশ জপাই থ’ব পৰা (কটাৰী)
having a folding handle or having the blade which folds into the handle (said of a knife)
- ডল্dolVerb-Trans.
গছৰ আগ বা ডাল নাইবা ঠাল-ঠেঙুলি কাটি সমান কৰ্
To trim by lopping off superfluous parts of a tree.
- ডাঁৰ্ḍām̐rTransitive verb
দণ্ড-স্বৰূপে ধন ল; ডঁৰ ল; . কৱদ
to fine
- ডাংকোপ মাৰ্dang.ko’p marVerb-Intran.
নিজৰ গুণ গাই বহুতো কথা ক৷
exaggeratedly talk about something in order to coax or impress people
- ডাউনলোডVerbal Noun
ইন্টাৰনেটৰ পৰা কোনো বস্তু, ফাইল, তথ্য নিজৰ কম্পিউটাৰলৈ অনা কাৰ্য্য
the act or process of downloading data from one computer system to another, typically over the Internet.
- ডাকḍākaNoun
এজন আগৰ কালৰ জ্ঞানী মানুহ [তেওঁ কৰা ৰচনাবিলাকক ডাক-চৰিত, ডাকৰ বচন বা.
- ডাকত দেda.kot deVerb-Trans.
ডাক-সেৱাৰ যোগেদি কোনো বস্তু, চিঠি আদি পঠা৷
to send an item by a delivery system to be transported to a destination.
- ডাক্ḍākTransitive verb
কামুৰি শুঙেৰে বিন্ধি বিষ লগা
to sting or bite
- ডাঙ্কোপ মাৰ্dang.ko`p marVerb-Intran.
নিজৰ বিষয়ে অহঙ্কাৰ কৰি বঢ়াই বঢ়াই ক
to speak with exaggeration and excessive pride, especially about oneself
- ডাঙৰকৈda.ngor.koiAdverb
ডাঙৰকৈ শব্দ কৰি
strongly audible; having exceptional volume or intensity