কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বba
ব্যঞ্জন বৰ্ণৰ তেইশ আৰু ঊনত্ৰিশ সংখ্যাৰ দুটা আখৰ; শব্দৰ আগত থাকিলে 'ব' 'ব'ৰ দৰে উচ্চাৰণ আৰু লেখা হয়
the twenty-third and twenty-ninth Assamese consonant letters corresponding to English b, and v or w respectively
- ব'ৰাগীba'rāgīNoun
"বৈৰাগী" চোবাঁ।
- ব'ৰাগী-নামNoun
শিবৰ গুণ বৰ্ণাই গোবা নাম
songs in praise of the god Śiva
- ব-কলমba-kalamaNoun
বদলি; সলনি; লেখিব নজনা মানুহৰ সলনি অইন এজনে চহী কৰাৰ চিন-স্বৰূপে দিয়া "বং" বা "বঃ" আখৰ; বং বঃ
the letter ; or ; used to denote that the signature was given on behalf of another
- ব-চুঙাba-cuṅāNoun
ব তোলা বাঁহৰ চুঙা
a weaver's implement
- ব-ছিগাbo-si.gaAbstract Noun
গৰুৰ কান্ধত যুঁবলিয়ে কটাৰ বাবে হোৱা ঘা ৷
A sore of an ox on the shoulder.
- ব-দ্বীপba-dbīpaNoun
নৈৰ মুখত পৰা বা হোবা তিনি-চুকীয়া দ্বীপ
delta
- ব-শলিNoun
"নাকী-শলি" চোবাঁ।
- বʼইথাMaterial Noun
নাওঁ চলাবৰ বাবে ব্যবহাৰ কৰা কাঠেৰে বনোৱা এবিধ সজুলি ।
Instrument for rowing boat.
- বʼইনিCommon Noun
বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
A younger female having the same parents or one parent in common with the speaker
- বʼগলাCommon Noun
গ্ৰুইফৰ্মেছ্ বৰ্গ আৰু গ্ৰুইডি পৰিয়ালৰ অন্তৰ্গত ডাঙৰ, দীঘল ঠেং আৰু ডিঙি-যুক্ত এবিধ ডাঙৰ চৰাই
large, long-legged and long-necked birds of the order Gruiformes, and family Gruidae
- বʼগৰিMaterial Noun
Bogori
a species of Ziziphus in the buckthorn family Rhamnaceae, used primarily as a fruiting shade tree.
- বʼৰিCommon Noun
পুত্ৰ বা পুত্ৰসদৃশ এজনৰ পত্নী ৷
The wife of your son or son like someone.
- বঁকিয়াbo~.ki.aCommon Noun
বিল বা পিটনিৰ মাজেৰে বন্ধা ওখ আলি
a road or footpath raised above the level of a swampy ground
- বঁটাbo~.taAbstract Noun
প্ৰতিযোগিতা, চিঠিখেল আদিত লাভ কৰিব পৰা এটা বস্তু।
Something that can be won in competition, lottery, etc.
- বঁৰীয়াbam̐rīẏāNoun
বাঁৰী বামুণীৰ (অবৈধ) ল'ৰা
an illegitimate son of a Brahmin widow
- বঁৰীয়া-আঁকbam̐rīẏā-ām̐kaNoun
ব্যভিচাৰ কৰা বামুণক দাগ দি কৰা শাস্তি; যেনে -"কিনাইৰ নাক এডোখৰ কাটি বঁৰীয়া আঁক দি লগুণ ছিঙ্গিব দিলে" (বুৰঞ্জী)
The punishment of setting a humiliating mark on the body of one carrying on liaison with a low-caste woman
- বংbamNoun
জৰী
a rope
- বংগbong.goProper Noun
বাংলা-ভাষী ৰাজ্যসমূহ, বিশেষকৈ বৰ্ত্তমান ভাৰতৰ পশ্চিম-বঙ্গ আৰু বাংলাদেশ
The Bengali speaking states, especially present day West Bengal of India and Bangladesh.
- বংগদেশbong.go.dexProper Noun
বাংলা-ভাষী ৰাজ্যসমূহ, বিশেষকৈ বৰ্ত্তমান ভাৰতৰ পশ্চিম-বঙ্গ আৰু বাংলাদেশ
The Bengali speaking states, especially present day West Bengal of India and Bangladesh.