কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফংফঙীয়াphamphaṅīẏāAdjective
ফটফটীয়া; (পোহৰ); ফৰকাল
bright; clean
- ফক্ফকীয়াAdjective
বৰকৈ কথা কোবা; ভল্ভলীয়া
talkative
- ফচহুphacahuAdjective
মূল্যহীন
worthless
- ফচ্ফচীয়াphacphacīẏāAdjective
হাতেৰে মোহাৰিলে এৰাই যোবা; বালীয়া; "ফহঁফহীয়া" চোবাঁ; ঢিলা; অলপতে ছিগি যোবা
crumbling at the touch; loose; devoid of cohesion
- ফটফটীয়াphot.pho.ti.yaProper Adj.
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
through which light passes
- ফটাpho.taProper Adj.
ফাট মেলা বা ফালি পেলোৱা (বস্তু)
(object) pulled apart or made into pieces by tearing
- ফটা-ছিটাphaṭā-chiṭāAdjective
ফাটি ছিৰাছিৰ হোবা; জীৰ্ণ
tattered
- ফটা-মুখpho.ta-mu.khProper Adj.
বেয়া, অসৎ বা টান কথা কোৱা (লোক)|
(a person) using foul or obscene language.
- ফটুবাphaṭubāAdjective
ফট্ফটাই ফুৰা; চেল্বেলীয়া; অকামিলা
shallow; babbling; worthless
- ফটুৱাpho.tu.waProper Adj.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
- ফট্ফটীয়াphaṭphaṭīẏāAdjective
জলজলীয়া; স্পষ্ট; পৰিষ্কাৰ; ফৰকাল
transparent; bright; shining
- ফতফʼইতাProper Adj.
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
through which light passes
- ফদীয়াphadīẏāAdjective
ফৈদ সম্পৰ্কীয়।
- ফন্দিয়ক
ফন্দি কৰা বা কৰিব পৰা মানুহ; গোপনে কুবুদ্ধি কৰা মানুহ
a designing person
- ফন্দিয়াৰ
ফন্দি কৰা বা কৰিব পৰা মানুহ; গোপনে কুবুদ্ধি কৰা মানুহ
a designing person
- ফন্দীphandīAdjective
ফন্দি জনা; টেঙৰ; ছল কৰা; ধূৰ্ত্ত
crafty; designing
- ফপহুতাphapahutāAdjective
মিহি বা নিকা নোহোবা; জাবৰেৰে মিহলি
unclean; coarse
- ফপুবাphapubāAdjective
পুৰণি হৈ অকামিলা হোবা
old and inefficacious
- ফপুৱাpho.pu.waProper Adj.
পুৰণি হোৱা বাবে অকামিলা হৈ পৰা
unusable due to being old
- ফপৰাphaparāAdjective
ফাপৰে ধৰা
scurfy; scabby