কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টাকুৰীta.ku.riMaterial Noun
এৰী সূতা কাটিবলৈ বা সূতা পকাবলৈ এবেগেত মান দীঘল এডাল মাৰিৰ মূৰত এচলা ঘূৰণীয়া সীহ/কাঠ লগাই কৰা যতন৷
A device used by the weaver to prepare and wound eri silk from cocoon. It is in the form of a stick; one side of which is equipped with a circular piece of wood or zinc.
- টাক্টṭākṭaNoun
গাত বগা বগা ফুল থৰা এজাতি সৰু গুঁই; ই "টাক্ট টাক্ট" শব্দ কৰি মাতে
a variety of liza
- টাঙনṭāṅanaNoun
টোকোন; ডাঙৰ মাৰি; দাং
a thick stick; a cudgel
- টাঙন-ধৰাṭāṅana-dharāNoun
আহোম ৰজা-দিনৰ এটা কাঁৰী খেলৰ নাম।
- টাঙনাta.ngo.naCommon Noun
স্বাস্থ্যবান, তেজী মতা ঘোঁৰা
a healthy and smart male horse
- টাঙনিṭāṅaniNoun
কুঁহিয়াৰৰ টুকুৰাৰ কণা বা কন্ধা
a piece (as a sugarcane)
- টাঙনি-কাকতিṭāṅani-kākatiNoun
আহোম ৰজাৰ দিনত এক চহৰ বা টাঙনিৰ কৰ, পঁচা আদিৰ হিছাপ ৰখা বিষয়া
a fiscal officer under Ahom kings in charge of a tract of country
- টাঙনি-জালṭāṅani-jālaNoun
এবিধ মাছ ধৰা জাল [ইয়াৰ দুই মূৰে দুডাল টাঙন বা মাৰি পথালিকৈ বন্ধা থাকে; তাতে দুটা মানুহে দুমুৰে ধৰি পানীত টানি নি মাছ ধৰে।]
a kind of drag-net for fishing
- টাঙি দিয়াṭāṅi, diẏāNoun
চুৰি, নবণি আদি অস্ত্ৰেৰে কাটি গাৰ তেজ উলিওৰা কাৰ্য্য; তেজ কটা
act of letting out blood by operation
- টাঙীta.ngiMaterial Noun
সাধাৰণতে তীখাৰে নিৰ্মিত এমূৰে ধাৰ থকা পাত যুক্ত শিল কটা বটালি
a wedgelike tool with a cutting edge at the end of the blade, often made of steel, used for cutting or shaping stone
- টাঙোনṭāṅonaNoun
টোকোন; ডাঙৰ মাৰি; দাং
a thick stick; a cudgel
- টাঙ্গাtang.gaMaterial Noun
ঘোঁৰাৰ সহায়ত চলোৱা এবিধ গাড়ী।
A wheeled vehicle drawn by horses.
- টাঙ্গিṭāṅgiNoun
টাঙি; যেনে-"টাঙ্গি চুৰি কটাৰি শকতি ধনু শৰ" (মা. ক., অৰণ্যকাণ্ড)।
- টাঙ্গীta.ngiMaterial Noun
সাধাৰণতে তীখাৰে নিৰ্মিত এমূৰে ধাৰ থকা পাত যুক্ত শিল কটা বটালি
a wedgelike tool with a cutting edge at the end of the blade, often made of steel, used for cutting or shaping stone
- টাঙ্নাṭāṅnāNoun
তেজী মতা ঘোঁৰা
a smart horse
- টাঞ্জানিয়াtan.ja.ni.yaProper Noun
পূব আফ্ৰিকাৰ এখন দেশ।
Tanzania, officially the United Republic of Tanzania, is a country in East Africa in the African Great Lakes region.
- টাটকṭāṭakaNoun
বাজী; মিছাক সঁচা আৰু সঁচাক মিছা যেন কৈ দেখুওবা বিদ্যা; ভেলেকী বিদ্যা
jugglery
- টাটক-নাটকṭāṭaka-nāṭakaNoun
ভেলেকী বিদ্যা
jugglery
- টাটকীয়াṭāṭakīẏāAdjective
বাজী জনা; ভেলেকী বিদ্যা জনা
versed in jugglery
- টাটাInterjection
এজন ব্যক্তিয়ে আন এজনৰ ওচৰৰ পৰা আঁতৰি যোৱা৷
an expression used when a person is parting from another.