কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাতেসজাha.te.xo.jaVerbal Adj.
হাতেৰে তৈয়াৰী বা হাতেৰে কৰা।
done or made by hand.
- হাদাংha.dangProper Adj.
ৰখীয়া অথবা বান্ধত নথকা (গৰু, মহ আদি)।
Not controlled or held in check (as in the case of cattle).
- হাদাঙিha.dangiProper Adj.
ৰখীয়া অথবা বান্ধত নথকা (গৰু, মহ আদি)।
Not controlled or held in check (as in the case of cattle).
- হানিকাৰকha.ni.ka.rokProper Adj.
হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
able to cause harm or hurt
- হানিকৰAdjective
নাশকাৰক; অপকাৰী
ruinous; injurious
- হাবংhābamAdjective
নিৰ্ব্বোধ; ভেবা; ভোদা; অতি সৰল প্ৰকৱতিৰ, অকামিলা
stupid; simple; worthless
- হাবা-হুইhābā-huiAdjective
হ'ব লগীয়া হোবা; প্ৰায় হওঁ হওঁ; প্ৰায় সমাপ্ত
nearing completion
- হাবাংha.bangProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- হাবাথুৰীয়াAdjective
বৰকৈ ভাগৰা; ক্লান্ত হোবা
fatigued; wearied
- হাবি-জাবিha.bi-ja.biProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- হাবিয়লীয়াAdjective
হাবিত থকা
wild; living in jungle
- হাবুঙীয়াhābuṅīẏāAdjective
হাবুঙত বাস কৰা বা হাবুঙত ওপজা
- হামচৈয়াhāmacaiẏāAdjective
খিলঞ্জীয়া; বহুকালৰপৰা থকা
of long standing; established
- হামোকাhāmokāAdjective
হলি থকা; এঢলীয়া; এফালে কাতি হৈ যোবা
leaning
- হালhāla
দশা; যেনে-"ৰজাৰ হালে চলা"।
- হালচাhal.saProper Adj.
এখন হালেৰে চহিব পৰা মাটি ৷ এপূৰাৰ চাৰি ভাগৰ এভাগ মাটিকালি ৷
A land measure consisting of one forth of a <i>Pura</i>.
- হালধীয়াAdjective
হালধিৰ বৰণৰ; পীত
yellow
- হালধীয়া-মুগাhalo.dhiya-mugaProper Adj.
অলপ হালধীয়া বৰণেৰে মিহলি মুগা ৰং।
Orange-brown or yellowish-brown colour.
- হালুকhālukaAdjective
ঢিলা; অলস।
- হালোবাhālobāNoun
এবিধ মিঠাই
sweetmeat