কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেন্দ্ৰাভিগkendrābhigaAdjective
কেন্দ্ৰাভিমুখী
centripetal
- কেন্দ্ৰাভিমুখীken.dra.bhi.mu.khiProper Adj.
পৰিধিৰ পৰা কেন্দ্ৰ অভিমুখে যাব খোজা
directed toward the center
- কেন্দ্ৰীভূতken.dri.bhu.toVerbal Adj.
কোনো এক কেন্দ্ৰ বা মধ্যবিন্দুত গোট খোৱা
something that comes together at a centre
- কেন্দ্ৰীয়ken.dri.yoProper Adj.
কেন্দ্ৰৰ মাজত, ওপৰত অথবা কাষতে থকা ৷
Situated at, in, or near the center.
- কেপ্ কৰাkep, karāAdjective
খাবলৈ আৰু ঘৰ-বাৰী নথকা বাবে আন ঘৰত চাপি থকা; কেলেছবা
having no home and means of livelihood and living at the house of another man as a dependant
- কেবলkebalaAdjective
অকল; লগ নথকা; খালি; একমাত্ৰ
only
- কেবলীয়াkebalīẏāAdjective
অকলশৰীয়া; বিয়া নকৰাকৈ থকা; উদাসীন
living an unmarried life; abandoning wordly happiness
- কেবাৰীkebārīAdjective
বহুত দিন শস্য উৎপন্ন কৰি বা চাহ কৰাৰ বাবে সাৰ নাইকিয়া হোবা (মাটি)
exhausted by continued cultivation
- কেলকেলীয়াkel.ke.li.yaProper Adj.
অস্পষ্টকৈ কথা কোৱা৷
meaningless vocal sounds.
- কেলপণীয়াProper Adj.
অইনৰ অধীন বা লোকৰ সহায় সহযোগত জীয়াই থকা৷
Unable to exist without support from something else.
- কেলেং-মেলেংkelem-melemAdjective
(গা) ভাল নলগা।
- কেলেঙ্কাৰীAdjective
বদ্নামী; দুৰ্নামযুক্ত
scandalous
- কেলেপাkelepāAdjective
অকামিলা; কোনো কামৰ বা ব্যবহাৰৰ অযোগ্য; বেয়া; যেনে-"কেলেপা মানুহ; কেলেপা মাটি"
worthless; useless
- কেলেবাংke.le.bangProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- কেলেহুবাkelehubāAdjective
লোকৰ ঘৰত চাপি পেট পুহি থকা; চপনীয়া
living as a dependant at the house of another
- কেলেৰাংkelerāmAdjective
শৰীৰ আৰু মনৰ গঠন ঠিক নোহোবাজন।
- কেল্পনীয়াkelpanīẏāAdjective
যি সদায় লোকত আশা কৰি থাকে বা লোকৰ তলতীয়া অবস্হাত থাকে; কেলেহুবা; দৰিদ্ৰ
living on other's help or charity; dependant
- কেহাkehāAdjective
শিলিখা, কেঁচা তামোল আদি খালে মুখত লগা নিচিনা বেয়া আস্বাদ-যুক্ত
having an astringent taste
- কেহেটা-কেহেটke.he.ta-ke.hetProper Adj.
আমলখিৰ সোৱাদ৷
the taste of alum, indian gooseberry etc
- কেহেটা-কেহেট্keheṭā-keheṭAdjective
বৰ কেহা লগা
very astringent