কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰাও বান্ধ্rao` bandhVerb-Intran.
ডাঙৰকৈ শব্দ কৰি কান্দ্
to cry loudly
- ৰাওনা হrao`.na hoVerb-Intran.
যাত্ৰা বা ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰ্
to begin or embark on a journey
- ৰাখ্rākhTransitive verb
ৰক্ষা কৰ্
to save; to protect
- ৰাগrāgaNoun
অনুৰাগ; আসক্তি; স্পৱহা; ৰাপ
desire; attachment
- ৰাগ দি, ৰাগ টান্rāga, di, rāga, ṭānVerb root
(বৰগীত আদি গাওঁতে পোনতে) ৰাগৰ স্বৰূপ প্ৰকাশ কৰি সুৰ তোল্; আলাপ কৰ্।
- ৰাজতুrājatuIntransitive verb
সাজ-পাৰ পিন্ধি শোভিত হ
- ৰাজনীতিকৰণraj.ni.ti.ko.ronVerbal Noun
কোনো বিষয়ক ৰাজনৈতিক কৰি তোলা কাৰ্য্য
the act of causing to be political
- ৰাজপত্ৰিতraj.pot.ritVerbal Adj.
চৰকাৰীভাৱে ৰাজপত্ৰত প্ৰকাশিত বা ঘোষিত তালিকাভুক্ত
published, announced, or listed in an official government journal
- ৰাজভগনraj.bho.gonVerbal Noun
ৰজাৰ ৰাজ্য নাশ বা ৰাজ্য হেৰুওৱা
the deposition of a king
- ৰাজহুৱাকৈra.jo.hu.wa.koiAdverb
ৰাইজে দেখা-শুনকৈ সমজুৱা স্থানত কোনো কাম কৰা
Carry out an act in a public glare
- ৰাজহুৱাভাৱেra.jo.hu.wa.bha.beAdverb
ৰাইজে দেখা-শুনকৈ সমজুৱা স্থানত কোনো কাম কৰা
Carry out an act in a public glare
- ৰাজী হra.ji hoVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- ৰাজ্rājTransitive verb
বৰণ লগা; চিত্ৰিত কৰ্; যেনে-"নাও ৰাজিছে"
to paint
- ৰাতাৰাতিrātārātiAdverb
ৰাতিৰ ভিতৰতে; সমুদায় ৰাতি জুৰি
during the night; by night
- ৰাতিপুবায়Adverb
নিচেই পুবা বেলাতে
early in the morning
- ৰাতিপুৱাrati.puwaAbstract Noun
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The first or early part of the day.
- ৰানVerbal Noun
এজন বেটচমেনে ক্ৰিকেট খেলত দুটা ৱিকেটৰ মাজত দৌৰি গোটোৱা এক পইন্ট৷যেনে, শচীনে কালিৰ খেলত এশ দহ ৰান কৰিলে৷
the basic unit of scoring in the game of cricket. the batsman scores a run by running between the wickets after hitting a ball and sending it away.
- ৰান্Verb-Trans.
খোৱা বস্তু মছলা, নিমখ আদিৰ সৈতে জুইত গৰম কৰি খাবলৈ উপযোগী কৰি তোলা কাৰ্য৷
To preparing food by heating with species, salt, and other conditioners.
- ৰান্দা মাৰ্ran.da marVerb-Trans.
(ৰান্দা ব্যৱহাৰ কৰি) কাঠৰ পৃষ্ঠ নিমজ কৰ্
to cut or make the surface of wood smooth (with an adz)
- ৰান্ধ্rāndhTransitive verb
সিদ্ধ কৰ্; খাবলৈ সিজা বা পাক কৰ্
to cook; to boil