কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকুৰ পৰ্দ্দাso.kur por.daMaterial Noun
চকুৰ মণিৰ ভিতৰৰ ফালে থকা আলোক সংবেদী পৰ্দা৷
the innermost light-sensitive membrane covering the back wall of the eyeball.
- চকুৰ মণিso.kur mo.niCommon Noun
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
- চকুৰ লোতকso.kur lo’.tokMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- চকুৰোগবিজ্ঞানNoun
নেত্ৰবিজ্ঞান
নেত্ৰবিজ্ঞান
- চকোবাcakobāNoun
চাকৈ-চকোবা।
- চকোবা-বৰাcakobā-barāNoun
এবিধ ধান [ইয়াৰ প্ৰায় কোমল চাউল খোবা যায়; ধানৰ বৰণ মুগা, গাত দীঘলীয়া আঁচ থাকে; চাউলৰ বৰণ অলপ ৰঙচুবা
a kind of paddy
- চকোৰcakoraNoun
এবিধ চৰাই।
- চকোৱাso.ko’.waMaterial Noun
see through picket fence with lightly distributed vertical bamboo sticks and horizontally intertwined bamboo strips
- চক্চকিcakcakiNoun
চিকিমিকি।
- চক্ভৰcakbharaNoun
ধাতুৰ পাত্ৰ আদিত ঘূৰণীয়া সাঁচ কটা তীখাৰ যতন
a rude from of brace and bits for engraving on metals
- চক্মকcakmakaNoun
ওলায়েই বেগতে মাৰ যোবা দীপ্তি; অকস্মাৎ ওলাই আকৌ তত্ক্ষণাৎ নাইকিয়া হোবা পোহৰ
a flash of light
- চক্মকনিNoun
চক্মক্ কৰা কাৰ্য্য; অক. ধা. চক্মকা পোহৰ হৈয়েই বেগাই মাৰ যা; অকস্মাৎ পোহৰ হৈ তত্ক্ষণাৎ নাইকিয়া হ
to flash
- চক্মকীcakmakīNoun
যি চক্মক্ কৰে; বিজুলী
lightning
- চক্ষুcakṣuNoun
যি ইন্দ্ৰিয়েৰে নেখা যায়; নয়ন; লোচন; চকু
the eye
- চক্ষু-দানNoun
দৱষ্টি-শক্তি দান; অজ্ঞ লোকক জ্ঞান-দান।
- চক্ষু-লজ্জাNoun
আনে দেখাত কিবা কৰিবলৈ বা ক'বলৈ লজ্জা- বোধ।
- চক্ষু-শূলNoun
চকুৰ কুটা।
- চক্ষু-ৰোগNoun
চকুৰ বেমাৰ।
- চক্ষুদানso.khyu.danVerbal Noun
মৃত্যুৰ পাচত নিজৰ চকু আনক দান দিয়া কাৰ্য ৷ ই এটা অতি মহৎ প্ৰচেষ্টা আৰু ইয়াৰ দ্বাৰা দুজন অন্ধ মানুহক আমি পৃথিৱীখনক নতুন ৰূপত চোৱাত সহায় কৰিব পাৰো ৷
The act of giving own eye to others. It's a noblest of all causes, and we can light the life of two blind people by donating our eyes after our death.
- চক্ষুপটso.khyu.potMaterial Noun
চকুৰ মণিৰ ভিতৰৰ ফালে থকা আলোক সংবেদী পৰ্দা৷
the innermost light-sensitive membrane covering the back wall of the eyeball.