← ফুৰি যাওক

চকোৱা

so.ko’.wa

অৰ্থ

1.

see through picket fence with lightly distributed vertical bamboo sticks and horizontally intertwined bamboo strips

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

এবিধ ইটাগুড়ীয়া বৰণেৰে হাঁহ জাতিৰ চৰাই । তাৰ মাইকীটোক <i><b>“চাকৈ”</b></i> আৰু মতাটোক <i><b>“চকোৱা”</b></i> বুলি কোৱা হয়| এই চৰাইৰ মাইকী মতা এহাল লগ লাগি থাকে, এতেকে দুয়োটাৰ বা জাতিৰ কথা কোৱাত <i><b>“চাকৈ-চকোৱা”</b></i> ব্যৱহাৰ কৰা হয় । কিন্তু অকল এটা চৰাইক বুজাবলৈ হ'লে সাধাৰণতে <i><b>“চকোৱা</b></i> বুলিহে কোৱা হয় ।<br>প্ৰৱাদ আছে যে ৰামৰ শাপত ইহঁতৰ মতা-মাইকীয়ে ৰাতি একেলগে থাকিব নোবাৰে । কিন্তু স্বাভাৱিকতে মতা-মাইকী সদায় জোৰ পাতি ফুৰাহে দেখা যায় আৰু অলপ আঁতৰা-আঁতৰি হ'লেই “কওঁ ৰাম কওঁ” বুলি মাত লগায়; কোনোৱে কয় যে ই ৰামায়ণত লিখা জটায়ু পখী; ৰাৱণে আধামৰা কৰি পেলাই থৈ যাওঁতে বাটত পাই সীতাক হৰণ কৰি নিয়াৰ খবৰ ই ৰামচন্দ্ৰক দিয়ে; তাত ৰামচন্দ্ৰই সন্তোষ পাই কলিত চৰাইৰ ৰূপ ধৰি “ৰাম কওঁ, ৰাম কওঁ” বুলি মাতিবলৈ বৰ দিয়ে । <br>এই চৰাইবিধ <b>দক্ষীণ-পূৱ ইউৰোপ</b>ৰ পৰা <b>মধ্য এচিয়া</b>লৈকে পোৱা যায়| <b>উত্তৰ-পূৱ আফ্ৰিকা</b> আৰু <b>ইথিওপিয়া</b>তো ইয়াৰ পাতল বসতি দেখা যায় । <b>উত্তৰ-পূৱ ভাৰত</b>ত <b><i>চকোৱা</i></b> চৰাই সঘনাই দেখা যায় । এতিয়ালৈকে এই চৰাইবিধৰ প্ৰজাতি <b>বিপদাপন্ন</b> বুলি ঘোষণা কৰা হোৱা নাই ।

Large crested fish-eating diving duck having a slender hooked bill with serrated edges. Of this species the female is called <i><b>"Chakoi"</b></i> and the male is <i><b>"Chakowa"</i></b>. They always go in pairs, a male and a female, therefore in speaking them both, or of the species in general, the compound word <i><b>"Chakoi-Chakowa"</i></b> is used. However, the word <i><b>"Chakowa"</i></b> is made use of when only one is meant.<br>There are very small resident populations of this species in <b>north-west Africa</b> and <b>Ethiopia</b>, but the main breeding area of this species is from <b>south-east Europe</b> across <b>central Asia</b> to <b>south-east China</b>. It's is fount to be abundant in <b>North-East India</b>. Till now it is in the list of <b>least concerned</b>.</br>

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকোৱা · অসমীয়া অভিধান