কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একাকিনe.ka.kinProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- একাকীekākīAdjective
অকল; লগ-সঙ্গ নথকা
alone; having no companion
- একাগ্ৰekāgraAdjective
এটা কথা বা বিষয়ত আগ্ৰহেৰে লগা; একমনা; আগ্ৰহ-যুক্ত
intent on one object only; closely attentive; eager
- একাচেকাekācekāAdjective
বিশেষ ধৰণৰ; আনতকৈ প্ৰভেদ; লোকৰ দৰে নোহোবা
of a peculiar nature or disposition
- একাজভাগীekājabhāgīAdjective
আকাজভাগী; অকাজভাগী; অপৈণত
unskilled; ignorant
- একাজীekājīAdjective
অকাজী; অকাজ।
- একাটিe.ka.tiProper Adj.
A group or bunch of stick or rod like objects bound together.
- একাঠীekāṭhīAdjective
এক কাঠীৰ সমান; দুহতীয়া
measuring one yard in the length or breadh
- একাণপতীয়াekāṇapatīẏāAdjective
এফালে কাণ পাতি থকা; যিফালে কাণ দিব লাগে সেইফালে নিদিয়া; মন দি নুশুনা
inattentive
- একাণপাতীekāṇapātīAdjective
একাণপতীয়া।
- একাতিe.ka.tiProper Adj.
এফাললৈ হাউলি থকা |
Having an oblique or slanted direction; something inclined to one direction.
- একাদশekādaśa
বি . দহ আৰু এক ; এঘাব
eleventh
- একাদিক্ৰমProper Adj.
ক্ৰমান্বয়ে এটাৰ পাছত আনটো
corresponding one to one
- একাদোবাekādobāAdjective
আগৰ কথা বা শব্দ পাছলৈ আৰু পাছৰ কথা বা শব্দ আগলৈ নিবৰ কাৰণে লিখাত "
- একাধিকekādhikaAdjective
একতকৈ বেছি
more than one
- একাধিকবাৰProper Adj.
more than once
- একান্তekāntaAdjective
একে ঠাইতে বা বস্ত্ততে মন লগোবা; একাগ্ৰ; যেনে-"একান্ত মনে"
having the mind concentrated on one subject
- একান্তৰe.kan.torProper Adj.
দুই বা ততোধিক বিকল্পৰ যিকোনো এটা
Any of two or more possibilities or options
- একান্নekānnaAdjective
একেলগে খোবা-লোবা কৰা; একে চৰুতে খোবা
living and boarding together
- একান্নৱৰ্তীe.kan.no.bor.tiProper Adj.
একেখন টেবুলতে খোৱা-বোৱা কৰা ৷
eating together at the same table.