কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাহৰnāharaNoun
এবিধ সুগন্ধি ফুল ধৰা সুকাঠী গছ; তাৰ গুটিৰ তেল ওলায়
a kind of timber tree; Mesuaferrea
- নাহৰকটীয়াna.hor.ko.ti.yaProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Dibrugarh district
- নাহৰপতীয়া জামুnāharapatīẏā, jāmuNoun
"জামু" চোবাঁ।
- নাহৰফুটুকীnāharaphuṭukīNoun
গাহ নাহৰ ফুলৰ নিচিনা ফুট থকা এজাতি বাঘ; হোঁকোৰা-বাঘ
a leopard; a panther; Felis pardus
- নাহৰফুটুকী বাঘna.hor.phu.tu.ki baghCommon Noun
A large strong cat of southern Asia and Africa, which is adept at climbing trees, with a black spotted yellowish coat. Scientific name Panthera pardus.
- নাড়িnāṛiNoun
গাৰ তেজ চলা সিৰ
a vein
- নাড়ি-নক্ষত্ৰnāṛi-nakṣatraNoun
সম্পূৰ্ণ বৱত্তান্ত।
- নাড়ি-ভুতুnāṛi-bhutuNoun
পেটৰ ভিতৰৰ সকলো যন্ত্ৰ।
- নাড়িকাnāṛikāNoun
এক দণ্ড সময়, যেনে-"পোদ্ধৰ লঘুবেঃ নাড়িকা হোবায়; নাড়িকাক বোলে দণ্ড" (তৱতীয় স্কন্ধ)।
- নাড়ীnāṛīNoun
গাৰ তেজ চলা সিৰ
a vein
- নাড়ী-জ্ঞানNoun
হাতৰ নাড়ী টিপি চাই শৰীৰৰ অবস্হা নিৰ্ণয় কৰা জ্ঞান
the skill of feeling the pulse
- নাড়ীবেগna.ri.begAbstract Noun
Rythmic throbbing of the arteries as blood is propelled through them, normally measured in the wrist, which gives the rate of heart beat
- নাড়ীভুঁৰিna.ri.bh~u.riProper Noun
মানুহ বা জন্তুৰ পেটৰ ভিতৰত থকা খাদ্যনলীবোৰ ৷
The internal organs of a person or animal collectively, especially those in the abdominal cavity.
- নায়nayMaterial Noun
কেঁচুৱা জন্মৰ সময়ত মাকৰ সৈতে সংযোগী নাড়িডাল কটাৰ পাছত পেটত সোঁমাজত থাকি যোৱা সৰু, ঘুৰণীয়া অংশ
the small round part in the middle of the stomach which is left after the umbilical cord ( long tube of flesh joining the baby to its mother) has been cut at birth.
- নায়কnāẏakaNoun
আনক চলোবা মানুহ; নেতা; গুৰিয়াল
a leader
- নায়কত্বna.yo.kot.twoAbstract Noun
এজন নেতাৰ পদবী বা স্থান; নেতা হোৱাৰ দক্ষতা বা সামৰ্থ্য।
the position or office of a leader; capacity or ability to lead.
- নায়িকাna.yi.kaCommon Noun
নাটক বা চলচিত্ৰ এখনৰ মূল নাৰী চৰিত্ৰ
the principal female character of a play or cinema
- নাৰnāraAdjective
নষ্ট; ভ্ৰষ্ট; চুবা
spoiled; defiled
- নাৰকল্Common Noun
এবিধ তাল জাতিৰ গছ আৰু তাৰ ফল
the large, hard-shelled seed of the coconut palm, lined with a white edible meat, and containing a milky liquid.
- নাৰদnāradaNoun
ব্ৰহ্মাৰ পুতেক; দহজনা দেবৰ্ষিৰ এজনা প্ৰসিদ্ধ ঋষি [এওঁ বীণা যন্ত্ৰৰ সৱষ্টি কৰিছিল।]
the name of a divine saint; son of Bramhā