কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টাঙিṭāṅiTransitive verb
আঁৰি দি; ওলোমাই দি
to hang up
- টাঙ্ক্ṭāṅkTransitive verb
টোক্; একেবাৰে তাকৰ বা নাইকিয়া কৰ্; যেনে-"ব্ৰাহ্মণক দিয়া দান সৰ্ব্বস্বকে টাঙ্কি" (শ., উত্তৰকাণ্ড)।
- টান কথা কtan ko.tha koVerb-Trans.
কটু কথা কৈ কাৰোবাক সমালোচনা বা ককৰ্থনা কৰ্
to reprimand by uttering sharp words
- টান মাৰtan marVerb-Trans.
গোটা বা কঠিন ৰূপ ল
to become thick or solid
- টান হtan hoVerb-Trans.
গোটা বা কঠিন ৰূপ ল
to become thick or solid
- টানি আন্ta.ni anVerb-Trans.
কোনো বস্তুত ধৰি নিজৰ গাৰ ফালে জোৰ দে
to force sth towards oneself by physically holding it
- টানি-টুনিṭāni-ṭuniAdverb
আঁজুৰি-পিঁজুৰি; বহু টনা-টনিকৈ
dragging with difficulty
- টানি-মানিṭāni-māniVerb; Noun
টানি-টুনি; বহু কষ্টকৈ।
- টানিমানিta.ni.ma.niAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- টানেṭāneAdverb
টান হৈ; টান অবস্হাত; কোমল নোহোবাকৈ
in a hard state without being soft
- টান্ṭānTransitive verb
বল দি দীঘল বা বহল কৰ্
to pull
- টালিবাজিta.li.ba.jiVerbal Noun
আনক ঠগিবলৈ বা কিবা আদায় কৰিবলৈ মিছা কাৰ্য্য বা ব্যৱহাৰ৷
false behaviour, appearance or action
- টালৈবাজিta.loi.ba.jiVerbal Noun
আনক ঠগিবলৈ বা কিবা আদায় কৰিবলৈ মিছা কাৰ্য্য বা ব্যৱহাৰ৷
false behaviour, appearance or action
- টাল্ṭālTransitive verb
জোকাৰি বা আঘাত কৰি বল বুজ্
to examine the strength or firmness of a thing by shaking or striking it
- টাহ্ṭāhTransitive verb
হেঁচি বা খুন্দি ভৰা; ঠাহ্
to ram or press down
- টিংṭimNoun
পৰ্ব্বতৰ আগ বা ওখ ভাগ
a mountain peak
- টিংটিঙাIntransitive verb
টিংটিং শব্দ কৰ্
to tinkle
- টিকচি-বিকচিti.ko.si-bi.ko.siAdverb
অতিপাত বা মাত্ৰাধিক খং কৰি
showing excessive or too much anger
- টিকটিকtik.tikVerbal Noun
ঘড়ীয়ে জেঠী আদিয়ে নিয়মীয়াকৈ কৰা সৰু, চুটি, মিহি শব্দ৷যেনেঃ ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক৷
short, light, repeated sound made by a clock (or a lizard)
- টিকটিক কৰেṭikaṭika, kareAdverb
ৰঙা বৰণৰ অতি বেছি গুণ বুজোবা শব্দ; যেনে-"টিক টিক কৰে ৰঙা"।