কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওফৰাTransitive verb
বেগেৰে খহাই দলিয়াই পেলা; ওফৰাই পেলা।
- ওফৰাই দেo’.pho.rai deVerb-Trans.
পথৰ পৰা বিচ্যুত কৰ্ বা আঁতৰাই পঠা
To deflect or ward off
- ওফৰ্opharIntransitive verb
ঠেকা বা খুন্দ খাই আঁতৰত পৰ; বেগেৰে এঠাইৰপৰা আন ঠাইত পৰ্; ওপৰলৈ ছিটিকি পৰ্; ডেও পাৰি ফুৰ্ (ৰং বা খঙত); বেগেৰে খহি বা এৰাই পৰ্
to spring or bound off; to separate and fall off quickly; to be flung off
- ওবল্obalIntransitive verb
ফাটিবলৈ আঁচ মেলি ওলমি যা; যেনে-"কাপোৰখন ভৰ পাই উবলি গ'ল; "
to be torn
- ওভত গোৰে নাচ্o`.bhot go`.re nasVerb-Intran.
অনাকাংক্ষিত আচৰণ কৰ্ বা সৰ্বজন মান্য বিধিৰ বিপৰীত কোনো কাৰ্য্য কৰ্
to do something that is unexpected or against the accepted norms or order
- ওভত-গোৰেobhata-goreAdverb
আগেয়ে ভৰি বাজ কৰি (ল'ৰা ওপজা)
with the feet foremost
- ওভত-গোৰে নাচ্obhata-gore, nācIntransitive verb
ডেও পাৰ্; বৰ দুষ্টালি কৰ্
to be very naughty
- ওভতনo`.bho.tonVerbal Noun
পূৰ্বৰ ঠাইলৈ পুনৰ ঘূৰি অহা কাৰ্য্য৷
To turn back; to go or come again to the same place or condition.
- ওভতাTransitive verb
ওলটাই আন্ বা দি; ঘূৰাই আন্ বা দি
to give or bring back
- ওভতাobhatāAdjective
ওলোটা, বিপৰীত
contrary; opposite
- ওভোটা খৰo’.bho’.ta korVerbal Noun
1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷
1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head).2. (figurative use) a complete reversal of opinion over somebody or something.
- ওভোটাখৰ মাৰ্o`.bho`.ta.khor marVerb-Intran.
1.(শূন্যতে ঘূৰি) হাত আৰু মূৰ তললৈ কৰি ভৰি ওপৰলৈ ৰাখ্; সম্পূৰ্ণ ওভোটাকৈ ঘূৰা।2.(আলংকাৰিক ব্যৱহাৰ) মতামত বা কথা সম্পূৰ্ণ বদলি কৰ্
to turn over completly in the air.(figerative use) to change opinion completely.
- ওভোতাobhotāAdjective
ওলোটা, বিপৰীত
contrary; opposite
- ওভৎobhatIntransitive verb
ওলট্; ঘূৰি আহ্
to turn back
- ওমলাTransitive verb
ৰং, ধেমালি কৰি আনন্দ লগা
to amuse as a child
- ওমল্omalIntransitive verb
ধেমালি কৰ্; ৰং কৰ্
to play as a child
- ওলট-পালট কৰ্o`.lot-pa.lot korVerb-Trans.
সকলো বেমেজালিপূৰ্ণ বা শৃংখলাহীন কৰি পেলা।
make all things haphazard; bring disorderliness; create a chaotic atmosphere.
- ওলটাTransitive verb
ওভতা; ফিৰা; ঘূৰাই দি
to return; turn back; give back
- ওলট্olaṭIntransitive verb
ওভৎ; ঘূৰ্; ফিৰ্
to turn back
- ওলমাTransitive verb
আঁৰি ৰাখ্; ওলমাই থ
to suspend or hang