কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডবলাdo.bo.laAbstract Noun
এলাৰ্জি বা পতঙ্গই কামোৰাৰ ফলত ছাল উখহি, ৰঙা পৰি খজুৱতি হোৱা অৱস্থা।
itchy, swollen and red bumps on the skin caused by allergies or bites of insects
- ডবলা-ডবলdo.bo.la-do.bolAbstract Noun
এলাৰ্জি বা পতঙ্গই কামোৰাৰ ফলত ছাল উখহি, ৰঙা পৰি খজুৱতি হোৱা অৱস্থা।
itchy, swollen and red bumps on the skin caused by allergies or bites of insects
- ডবাdo.baMaterial Noun
বিশেষকৈ ধৰ্মীয় অনুস্থানত হাত বা মাৰিৰে বজোৱা এবিধ বহল বাদ্যযন্ত্ৰ
a kind of beating instrument or drum especially used during religious ceremony, with a rounded base and a wide surface made of leather
- ডবাল-মূৰিḍabāla-mūriNoun
কপ্টি।
- ডবুবা-বছাḍabubā-bachāNoun
ৰিহাৰ আগত ডাঠকৈ আঁচু বৈ দিয়া বাছনি
ornamentation consisting of thickly woven coloured thread at the end of an Assamese rihā
- ডবুৱা কটাৰিdo.buwa ko.ta.riMaterial Noun
জপাই মেলি ৰাখিব পৰা নাল থকা এবিধ সৰু কটাৰি বা চুৰি
a knife with a blade that folds into the handle.
- ডম্বৰুḍambaruNoun
ভিতৰ-ফোঁপোলা, মাজ-চিয়াঁ আৰু দুই- মূৰ-ঘূৰণীয়া আৰু ছালেৰে ছোবা এবিধ বাদ্য
a small drum shaped like a sand or hour-glass and held in one hand
- ডলফিনdol.finCommon Noun
সাগৰত থকা এবিধ শিহুৰ নিচিনা জন্তু ৷ ইহঁতৰ প্ৰায় চল্লিচটা প্ৰজাতি আছে৷ ভিন্ন ধৰণৰ আকাৰৰ ডলফিন পোৱা যায়৷ সৰু ডলফিনৰ আকাৰ ১.২ মিটাৰ (চাৰি ফুট) আৰু ওজন চল্লিচ কিল`গ্ৰামৰ ভিতৰত হ`ব৷ ইহঁতৰ ডাঙৰ প্ৰজাতিবোৰৰ আকাৰ ৯.৫ মিটাৰ আৰু ওজন দহ টন পৰ্যন্ত হ`ব৷ ইহঁতক পৃথিৱীৰ প্ৰায় সকলোবোৰ সমুদ্ৰতে পোৱা যায়৷ ইহঁতৰ প্ৰধান খাদ্য হ`ল মাছ আৰু শামুক জাতীয় সৰু সৰু সামুদ্ৰিক প্ৰাণীবোৰ৷ ইহঁত প্ৰায় দহ মিলিয়ন বছৰৰ পূৰ্বৰ অতি প্ৰাচীন সামুদ্ৰিক প্ৰাণী৷ সকলো জন্তুৰ ভিতৰত ডলফিনক অতি বুদ্ধিয়ক বুলি জনা যায়৷ ইহঁতক সমুদ্ৰৰ বন্ধু বুলিও জনা যায়, ইহঁতৰ আকৃতি আৰু খেলুৱৈসুলভ মনোভাৱৰ কাৰণে মানৱ সংস্কৃতিৰ লগতো অতি জনপ্ৰিয়৷
Dolphins are marine mammals that are closely related to whales and porpoises. There are almost forty species of dolphin in seventeen genera. They vary in size from 1.2 metres (4 ft) and 40 kilograms (88 lb) (Maui's Dolphin), up to 9.5 m (30 ft) and ten tonnes (the Orca or Killer Whale). They are found worldwide, dolphins evolved about ten million years ago, during the Miocene. Dolphins are considered to be amongst the most intelligent of animals and their often friendly appearance and seemingly playful attitude have made them popular in human culture.
- ডলাḍalāNoun
বাঁহৰ কাঠীৰে সজা এবিধ চেপেটা বহল ঘূৰণীয়া পাত্ৰ
a bamboo platter or tray
- ডলা-ঘঁটাḍalā-gham̐ṭāNoun
এন্ধাৰ ৰাতি হাবিত পহু কটা এটা সঁজুলি [বাঁহৰ কাঠীৰে সজা, মুখৰ ফালে পাচিৰ নিচিনা গোটা আৰু ঘূৰণীয়া কিন্ত্ত তললৈ একেবাৰে জোঙা বা চেপা-মৰা, বাহিৰে ভিতৰে মাটিৰে লিপা এখন ডলা; তাৰ ভিতৰতে এটা চাকি লগায়; আগ ফাললৈ মুখ আৰু পোহৰ পৰাকৈ এটা মানুহে চাপৰি চাপৰি হাতেৰে বৰ ঘনকৈ এটা ঘণ্টা বজাই এন্ধাৰত গৈ থাকে; তাৰ পাছতে চাকিৰ পোহৰ নপৰাকৈ আন এটা মানুহে এখন পহু-কটা দা লৈ লগে লগে যায়; ঘণ্টাৰ মাত শুনি আৰু চাকিৰ পোহৰ দেখি হাবিৰ পহুবে হয় ৰ লাগি ৰৈ থাকে, নহ'লে ডলাৰ ওচৰ চাপি ঘণ্টাৰ মাত শুনিবলৈ আহে; সেই সুযোগতে পাছৰ মানুহটোবে এন্ধাৰে এন্ধাৰে (পোহৰৰ কানে কানে) আগ বাঢ়ি গৈ পোহৰত থকা পহুটো কোব মাৰি কাটেগৈ।]
a mode of hunting at night by torchlight as practised by the Assamese
- ডলা-মূৰীয়াḍalā-mūrīẏāAdjective
ডলাৰ নিচিনা বহল চেপেটা মূৰ থকা
having a flat head
- ডলাৰdo.larMaterial Noun
আমেৰীকা, কানাডা, অষ্ট্ৰেলীয়া আদি দেশৰ মুখ্য মুদ্ৰা৷
the unit of currency/money in the United Sttes, Australia, Canada and some other countries. (often represented by the dollar sign $).
- ডলুৱাdo.lu.waMaterial Noun
ধাতুৰ গুণাৰে কৰা আঙঠি এটাত এটা মণি ওলোমাই কাণৰ ফুটাত পিন্ধা অলঙ্কাৰ ৷
A kind of ear-ornament which is made up of an metal ring with a single bead.
- ডলেণ্ড ট্ৰাম্পProper Noun
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫তম ৰাষ্ট্ৰপাতি৷
45th President of the USA
- ডহাḍahāNoun
পূৰঠ কিন্ত্ত অপক্ব
fully developed but unripe
- ডা-ডাঙৰীয়াḍā-ḍāṅarīẏāNoun
ডাঙৰীয়াসকলকে মুখ্য কৰি অসম ৰজাৰ আন আন বিষয়াসকল; যেনে-"আমাৰ ডা-ডাঙৰীয়াসকলেও বুলিলে" (বুৰঞ্জী)।
- ডাঁহḍām̐haNoun
জন্ত্তক কামুৰি তেজ খোবা এবিধ ডাঙৰ ছাই-বৰণীয়া মাখি
a gadfly
- ডাঁহীḍām̐hīNoun
ডঁহাৰ স্ত্ৰী।
- ডাঁৰḍām̐raNoun
ডাঁৰিকী; বৰ দীঘল মাৰি
a long pole
- ডাঁৰ-পৰḍām̐ra-paraNoun
সময় নিৰ্ণয় কৰা যন্ত্ৰ
an instrument for measuring time; a clock