কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হালালhālālaNoun
"জবই"; ইছলাম ধৰ্ম্মানুসাৰে পশুপক্ষীৰ কণ্ঠ-ছেদ।
- হালালখোৰhālālakhoraNoun
ঝাৰুদাৰ; মেতৰ
a sweeper
- হালিhāliNoun
ডাঙৰ নাবৰ গুৰি বা পাছ টিঙত বান্ধি গুৰি দিয়া ডাঙৰ ৰঠা
a rudder
- হালিচাhālicāNoun
এহাল গৰুৰে এদিনত হাল ৰাই চাহ কৰিব পৰা জোখৰ মাটি; এপুৰাৰ চাৰি ভাগৰ এভাগ; বিঘা
about 3rd of an acre of land
- হালিমhālimaNoun
ছিৰলি-ছিৰলি পাতেৰে এবিধ শাক
the garden cress
- হালীম শাকha.lim xakProper Noun
বোৱতী পানীত হোৱা এবিধ শাক ।
A cress which grows in running water and whose strong-lasting leaves used in salad.
- হালুৱাha.lu.waCommon Noun
যি গৰুয়ে হাল বায়৷ আৰু যিজন লোকে হালখন চলাই।
A bull that plough. Also the man who controls the plough.
- হালুৱাইha.lu.waiCommon Noun
বিস্কুট, কেক, পেষ্ট্ৰী আদি মিঠা খোৱা বস্তু তৈয়াৰ কৰা আৰু/ বা বিক্ৰী কৰা লোক৷
one who makes and/or sells sweet items like biscuit, cake, pastry etc.
- হালৈhālaiNoun
অসমীয়া হিন্দুৰ এটা জাতি
a class of Assamese Hindus
- হালোবাhālobāNoun
এবিধ মিঠাই
sweetmeat
- হালোবা-জাপিNoun
পানী-জাপি।
- হালোৱাha.lo`.waCommon Noun
জন্তুৱে টনা হাল চলোৱা মানুহ
a man who guides a plough pulled by animals
- হালোৱা-জাপিha.lo`.wa-ja.piMaterial Noun
খেতিয়কে পথাৰত কাম কৰোঁতে ৰ`দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ পিন্ধা বাঁহ আৰু শুকান তাল পাতেৰে নিৰ্মিত এবিধ বিশেষ জাপি
a type of wicker hat made of bamboo and dry leaves of palmyra palm, especially used by the farmers as sub-shade or umbrella
- হাল্লাhāllāNoun
হাই-কাজিয়া; গোলমাল
a broil; noise
- হাসিNoun
হাঁহি; হাস্য
a laughter
- হাস্পতালhāspatālaNoun
বেমাৰী মানুহ চিকিৎসাৰ নিমিত্তে থকা ঘৰ; দৰব বিলোবা ঘৰ।
hospital
- হাস্যhāsyaNoun
হাঁহি
a laughter
- হাস্যস্পদNoun
ঠাট্টা বা উপহাসৰ পাত্ৰ; নিন্দাৰ সাজ; নিন্দাৰ ভাজন
a laughing stock; object of derision
- হাস্যৰসNoun
হাঁহি উঠা বা হাঁহি তোলা মনৰ গতি বা ভাব
the sentiment of mirth
- হাস্যৰসাভিনেতাha.syo.ro.xa.bhi.ne.taCommon Noun
a comic actor in a play, cinema or such other performances.