কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোটোৰাṭoṭorāNoun
শুকাই বা লেৰেলি কোঁচ থোবা; শোটোৰা; সোপোৰা
shrivelled up; contracted
- টোণṭoṇaNoun
কাঁৰৰ চুঙা; কাঁৰৰ মোনা
a quiver
- টোণাṭoṇāNoun
এমূৰে কোল থকা আৰু ইমূৰ মেলি আকৌ বান্ধিব পৰা টোপৰ আকৱতিৰ এবিধ মাছ থোবা বেঁত-বাঁতৰ কাঠীৰ সঁজুলি
a long wicker receptacle for fish
- টোনto`nMaterial Noun
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
A case for holding or carrying arrows.
- টোপṭopaNoun
মাছে খুটিবলৈ বৰশীত সি দিয়া আহাৰ
bait for fish
- টোপনিṭopaniNoun
বৰশী বোবা কাৰ্য্য; মাছ ধৰিবলৈ পানীত বৰশী পেলোবা কাৰ্য্য
angling; the act of letting down a baited hook
- টোপলিṭopaliNoun
বৰশীৰ টোপ; টোপনি; যেনে-"ঠেং তলে ৰৌ যায়, মিটালৈ টোপলি বায়"।
- টোপাṭopāNoun
পনীয়া বস্ত্তৰ বিন্দু বা কণা; পনীয়া বস্ত্তৰ অলপমান
a drop; a small quantity of liquid
- টোপা খহুṭopā, khahuNoun
গোটা ঘূৰণীয়া খহু
a boil
- টোপা-কাঁড়ṭopā-kām̐ṛaNoun
গোটা জোঙা কাঁৰ
a pointed arrow
- টোপা-কাঁৰṭopā-kām̐raNoun
গোটা জোঙা কাঁৰ
a pointed arrow
- টোপা-খহুto`.pa-kho.huMaterial Noun
ছাল বা শৰীৰৰ ভিতৰৰ কোনো আৱৰণত হোৱা ঘা, য’ত কলা নষ্ট হয় আৰু পূঁজ জমা হয়|
a sore on the skin or a mucous membrane, accompanied by the disintegration of tissue, the formation of pus, etc.
- টোপা-গাঁঠিṭopā-gām̐ṭhiNoun
আঁতৰা-আঁতৰিকৈ দিয়া গোটা ঘূৰণীয়া গাঁঠি
a knot tied separately from another
- টোপালṭopālaNoun
গছৰ পাতৰপৰা এটোপা এটোপাকৈ সৰি পৰা নিয়ৰ বা বৰষুণৰ পানী
rain or dew-drop fallen from the leaves of a tree
- টোপোলাṭopolāNoun
কাপোৰ বা পাতত সামৰি বন্ধা বস্ত্ত
a bundle; a packet; a parcel
- টোপোলা-গোছṭopolā-gochaNoun
পান্ধোবা কাঁহীৰ দাঁতি গঢ়া হাতুৰী
a kind of hammer
- টোপোলা-টোপলিṭopolā-ṭopaliNoun
টালি-টোপোলা।
- টোপোলাটাপলিto`.po`.la.ta.po.liMaterial Noun
নিজৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী একেলগে বন্ধা টোপোলাৰ সমষ্টি৷
with all one's personal property, cloths and other property.
- টোপোৰাṭoporāNoun
খহুৰ দৰে হোবা উঠঙা; মেৰুণ
a small protuberance; a tumer
- টোবোৰাṭoborāNoun
খহুৰ দৰে হোবা উঠঙা; মেৰুণ
a small protuberance; a tumer