কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খামিৰাkhāmirāNoun
লালি দি কৰা ধঁপাত; মছলা দিয়া ধঁপাত।
- খামুচীয়া-কঁকালkha.mu.si.ya-ko~.kalAbstract Noun
লাহী ক্ষীণ ককাল থকা৷
having a small waist.
- খামোচkhāmocaNoun
হাতৰ তলুবা আৰু আঙুলিবোৰেৰে মৰা মুঠি; মুঠি মৰা হাত
a grasp
- খামোচাkhāmocāNoun
কোনো ডাঙৰ বস্ত্ত দাঙিবলৈ সুচলৰ নিমিত্তে তাৰ মূৰ বা দাঁতিত লগাই দিয়া ঠেৰু বা আঙঠি
a handle, pull or lift
- খাম্বাজkhāmbājaNoun
ৰাগ-বিশেষ।
- খালkhālaNoun
বহল গাঁত
a pit
- খালাচkhālācaNoun
দায় বা দণ্ডৰপৰা মুক্তি
release; acquittal
- খালাচীkhālācīNoun
ৰেল-জাহাজ আদিত কাম কৰা বনুবা
a menial employed in steamers, railways, etc.
- খালাছkhālāchaNoun
দায় বা দণ্ডৰপৰা মুক্তি
release; acquittal
- খালাছীkhālāchīNoun
ৰেল-জাহাজ আদিত কাম কৰা বনুবা
a menial employed in steamers, railways, etc.
- খালিkhāliNoun
শৰাধ আদিত চাউল দিবলৈ কলপটুবা চেপেটা কৰি সজা পাত্ৰ-বিশেষ
a plate or shallow dish made of the sheath of a plantain tree for offering rice at the śrāddha ceremony
- খালৈkhālaiNoun
বাঁহৰ কাঠীৰে সজা টেকেলিৰ নিচিনা ডিঙি থকা মাছ ৰখা পাত্ৰ; কুক; কোক
a small bamboo basket for keeping fish in; a creel
- খালৈ-ভাঙ্গীkha.loi.-bhangiCommon Noun
এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
A big mouth fish like a Climbing fish .
- খালোণkhāloṇaNoun
পগাই গোটা কৰা খাৰ; ডুখৰীয়া খাৰ
inspissated solution of potash
- খাহkhāhaNoun
সদায় বা কোনো সময়ত বন্ধ পানী থকা আৰু বোবঁতী নৈৰপৰা আঁতৰত থকা দ আৰু অপৰিষ্কাৰ ঠাই
a low place subject to inundation
- খাহীkhāhīNoun
কণী কাঢ়ি নপুংসক কৰা ছাগ; . বিণ. কণী কাঢ়ি নপুংসক কৰা; কণী কঢ়া
a castrated goat ; castrated
- খাহৰাজNoun
নগৰৰ পৰা দূৰত থকা ঠাই; গাঁও
a village; a rural place
- খাড়বkhāṛabaNoun
যি ৰাগ-ৰাগিণীত স্বৰগ্ৰামৰ ছটা স্বৰ প্ৰযুক্ত হয়।
- খাড়ীkhāṛīNoun
কৰ; হাত-ভৰি আদিত ঘঁহনি খাই কাঠ বন্ধা; চিন; যেনে-"এষে খাড়ী বান্ধিলেক সেহি কৰতল" (বিৰাটপৰ্ব্ব)
a corn
- খাৰkhāraNoun
অধিক পৰিমাণে লোণৰ গুণ থকা ছাই; ছাই- খাৰ; [ই কেইবাবিধৰো; যেনে-কল-খাৰ, ছাই-খাৰ, আৰু গোটা-খাৰ।]
alkali; potash or soda; carbonate of potash