কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাদ্যনলীkha.dyo.no.liMaterial Noun
বহুকোষী প্ৰাণীৰ অঙ্গ-প্ৰণালী যি আহাৰ শৰীৰৰ ভিতৰলৈ নি হজম কৰি শক্তি আৰু পুষ্টি আহৰণ কৰে, আৰু বাকী থকা বৰ্জনীয় পদাৰ্থ দেহৰ কৰা বাহিৰ কৰি দিয়ে।
The system of organs within multicellular animals that takes in food, digests it to extract energy and nutrients, and expels the remaining waste. The major functions of the GI tract are digestion and excretion.
- খাদ্যপ্ৰাণkhādyaprāṇaNoun
খাদ্যত সূক্ষ্ম পৰিমাণে থকা শৰীৰৰ বাবে আবশ্যকীয় উপাদান
vitamin
- খাদ্যবস্তুkha.dyo.box.tuMaterial Noun
জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷
any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth.
- খাদ্যশস্যkha.dyo.xo.syoMaterial Noun
খাদ্য ৰূপে ব্যৱহাৰ হোৱা ধান, ঘেঁহু, গোমধান জাতীয় শস্য৷
grain used as food, e.g.rice, wheat, maize etc.
- খাদ্যশৃংখলkha.dyo.sring.kholAbstract Noun
পৰিস্থিতি-তন্ত্ৰত এটা জীৱই আন এটা জীৱক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰা জীৱবোৰৰ অনুক্ৰম৷
a series of organisms interrelated in their feeding habits, the smallest being fed upon by a larger one, which in turn feeds a still larger one, etc.
- খাদ্যাখাদ্যNoun
খাদ্য আৰু অখাদ্য; খাব লগীয়া আৰু নলগীয়া বস্ত্ত; আহাৰৰ উপযুক্ত আৰু অনুপযুক্ত; খাব পৰা আৰু নোবৰা
proper and improper food
- খাদ্যাভাৱAbstract Noun
খাদ্য-বস্তুৰ অভাৱৰ ফলত ব্যাপক হাৰত দেখা দিয়া পুষ্টিহীনতা আৰু ভোকাতুৰ অৱস্থা।
a state of being short of food supplies resulting in mass hunger and malnutrition.
- খাদৰkhādaraNoun
খদ্দৰ।
- খানচামাkhānacāmāNoun
ৰন্ধা-বঢ়া বা খানা তৈয়াৰ কৰা চাকৰ
a butler
- খানছামাkhānachāmāNoun
ৰন্ধা-বঢ়া বা খানা তৈয়াৰ কৰা চাকৰ
a butler
- খানদানkhānadānaNoun
উচ্চ বংশ; বিণ. খানদানী উচ্চবংশীয়।
- খানাkhānāNoun
চৰু আদি গঢ়োঁতে মাটি কটা বা ভাগ কৰা কুমাৰৰ সঁজুলি
a potter's tool
- খানাতালাচ্khānātālācNoun
চোৰ আৰু চোৰে নিয়া মাল আদি উলিয়াবলৈ ঘৰ আদি অনুসন্ধান কৰা কাৰ্য্য
a house- search
- খানাতালাছ্khānātālāchNoun
চোৰ আৰু চোৰে নিয়া মাল আদি উলিয়াবলৈ ঘৰ আদি অনুসন্ধান কৰা কাৰ্য্য
a house- search
- খানাপাৰাkha.na.pa.raProper Noun
গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তত থকা উল্লেখযোগ্য স্থান৷
An important place in southarn part of Guwahati city.
- খানিকkhānikaNoun
অলপ বেলি; একক্ষণ; খন্তেক
a moment; a very short time
- খানিকমানkhānikamānaNoun
অলপ বেলি; একক্ষণ; খন্তেক
a moment; a very short time
- খান্দিkhāndiNoun
নেছা; মেৰাই গাঁঠি দি ভাগ কৰি থোবা সূতা
a skein of thread
- খান্দৰিkhāndariNoun
গুণঠি সুমাবৰ নিমিত্তে মোকোটাই বা মেৰাই বন্ধা জৰীৰ মেৰ; যেনে-"পঘা বা মণিৰ খান্দৰি"
a loop
- খাপkhāpaNoun
লুকাই বাট চাই থকা কাৰ্য্য; কাৰো অনিষ্ট কৰিবৰ নিমিত্তে চল চাই ৰৈ থকা কাৰ্য্য
act of lying in wait; ambuscade