কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দোবচ্dobacIntransitive verb
পুনৰ আহ্ বা হ; উপশম হৈ আকৌ চাৰ হ (নৰিয়া)
to relapse, as a disease
- দোবাইdobāiAdverb
দ্বিতীয় বাৰ; পুনৰ; আকৌ
Second time; again
- দোবাষাৰdobāṣāraAdverb
আৰু এবাৰ; দ্বিতীয় বাৰ; পুনৰবাৰ
once more; a second time
- দোমনা হdo`.mo.na hoVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- দোমোজাত পৰ্do`.mo`.jat porVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- দোলাdolāTransitive verb
দোলনত তুলি লৰাই থাক্; . বি. মানুহে সাঙীকৈ কানত ওলমাই মানুহ নিয়া এবিধ যান; . কৱদ
to cause to swing ; a kind of Assamese litter
- দোলায়িতVerbal Adj.
দোলকৰ দৰে দুলি থকা, অৰ্থাৎ (কোনো বস্তু) ওলমি থকা অৱস্থাত বিপৰীত দিশত বাৰম্বাৰ অগা-পিছা কৰি থকা
caused to swing or move to and fro, as a pendulum does
- দোল্dolIntransitive verb
ডোল বা জৰী আদিত ওলমি লৰি থাক্
to swing
- দোষdoṣaNoun
অপৰাধ; জগৰ; দায়; বেয়া কাম; কলঙ্ক
offence; fault; a guilty act; blemish
- দোষ দেdo`x deVerb-Trans.
কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷
To charge a person with wrongdoing with proof/evidence
- দোষ ধৰ্do’x dhorVerb-Trans.
কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷
To charge a person with wrongdoing with proof/evidence
- দোষমুক্ত কৰ্do’x.muk.to korVerb-Trans.
নিৰ্দোষী বুলি ঘোষণা কৰ্
to declare not guilty
- দোষাৰোপ কৰ্do`.xa.ro`p korVerb-Trans.
কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷
To charge a person with wrongdoing with proof/evidence
- দোহন কৰ্do’.hon korVerb-Trans.
গৰু, মহ আদি জন্তুৰ ওহাৰৰ পৰা গাখীৰ উলিওৱা।
To extract milk from the mammary glands of an animal like cow.
- দোহাৰdohāra
দুইৰো; উভয়ৰ
of both
- দোহাৰিAdverb
আকৌ; পুনৰ
again
- দোহাৰি থাক্do`.ha.ri thakVerb-Trans.
পুনৰাই বা বাৰে-বাৰে ক অথবা কৰ্
to say or do again or repeatedly
- দোহোৰাইdohorāiAdverb
আকৌ; পুনৰায়; ঘূৰাই
again; once more
- দোৰোচ্do`.ro`sVerbal Noun
ধ্বংস বা নষ্ট হোৱাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা কাৰ্য্য
the act of bringing back to good condition after a damage or decay
- দোৰোলাTransitive verb
দুই তৰপ কৰ; মোকোটাই জাপ্
to double, as a cloth