কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাজাঞ্চিখানাkha.jan.si.kha.naAbstract Noun
ৰাজ্য এখনৰ ৰাজহ আৰু ৰাজহুৱা পূঁজি পৰিচালনা বা ব্যৱস্থাপনা কৰা বিভাগ, অথবা তেনে কাম কৰা স্থান
Department managing public funds and revenue of a state or a place for these purposes
- খাজাঞ্চীkhājāñcīNoun
ৰাজহুবা বা ৰজাৰ ধন-ৰখীয়া
a treasurer
- খাজানাkha.ja.naAbstract Noun
মাটি বা সম্পত্তিৰ বাবে দিব লগা কৰ
Tax paid for the possession of a piece of land or any property
- খাজুৰkha.jurCommon Noun
উত্তৰ আফ্ৰিকা, আৰৱ আদিৰ এক মূল খাদ্য আৰু ৰপ্তানি দ্ৰৱ্য, তাল জাতীয় এবিধ গছৰ মঙহাল ফল
the oblong, fleshy fruit of the date palm, a staple food in northern Africa, Arabia, etc., and an important export
- খাজুৰিkhājuriNoun
তামোল, নাৰিকল আদি গছৰ নিচিনা ডাল নেমেলা আৰু আগত থোপা বান্ধি পাত মেলা এবিধ গছ [ই তামোলৰ নিচিনা ভাবি মেৰি ফুল আৰু সৰু সৰু দীঘলীয়া গুটি ধৰে, গুটি পকিলে সোবাদ হয়; গছৰ আগত বিন্ধা দি ৰস উলিয়াই তাক খায় বা পগাই গুড় কৰে।]
the date-sugar palm; phoenix sylvestris
- খাটkhāṭaNoun
তক্তা-পোচ্; পীৰাতকৈ ওখ খুৰা লগোবা কাঠৰ শয্যা
a bed-stead
- খাটকৰিMaterial Noun
Flight of stairs and the supporting structure
- খাটখৰিkhat.kho.riMaterial Noun
Flight of stairs and the supporting structure
- খাটধৰিkhāṭadhariNoun
খটখটি; যেনে-"সৰোবৰচয় চাৰু জলে আছে ভৰি। চাৰিও কাযৰে সুবৰ্ণৰ খাটখৰি" (ৰুক্মিণী-হৰণ)।
- খাটনkha.tonAbstract Noun
কোনোৱে কৰা কাম, বিশেষকৈ ধন বা আন ক্ষতিপূৰণৰ বিনিময়ত
the work done by sb, esp. in return of money and other compensation
- খাটনিkhāṭaniNoun
খটা কাৰ্য্য; উপকাৰৰ আশা কৰি আনক কৰা ভাৰসা; উপকাৰ পাৰলৈ কৰা উপাসা
soliciting favour; entreaty
- খাটনি-লোটনিkhāṭani-loṭaniNoun
বহু দিন বা অধিককৈ-কৰা খাটনি
earnest entreaty; servility
- খাটনিয়াৰkhāṭaniẏāraNoun
বিশ্বাসৰ মানুহ
a favourite
- খাটলাkhāṭalāNoun
এবিধ চাৰিচুকীয়া দোলা
a four-cornered vehicle carried on men's shoulders
- খাটাংkhāṭāmNoun
হাতীৰ আগ-ভৰিত মৰা গোটা বেতৰ বাণ্ডা
a contrivance (like a loop or ring) of unsplit cane for tying together the fore-legs of an elephant when letting it loose for grazing
- খাটোলাkhāṭolāNoun
এবিধ চাৰিচুকীয়া দোলা
a four-cornered vehicle carried on men's shoulders
- খাণ্ডবkhāṇḍabaNoun
ইন্দ্ৰপ্ৰস্হৰ (পুৰণি দিল্লী) ওচৰত থকা এখন অৰণ্য
a forest near ancient Delhi
- খাণ্ডব বনkhan.don bonProper Noun
পুৰণি দিল্লীৰ ইন্দ্ৰপ্ৰস্থৰ ওচৰত থকা, মহাভাৰতত উল্লেখিত এখন অৰণ্য।
or Khandavaprastha was an ancient forest mentioned in the epic Mahabharata. It lay to the west of Yamuna river, in modern day Delhi territory.
- খাণ্ডব-দাহkhāṇḍaba-dāhaNoun
খাণ্ডব বনৰ দহন [মৰুও ৰজাৰ যজ্ঞত অগ্নি দেবতাই অতিপাতকৈ যজ্ঞত আহুতি খোবাৰ কাৰণে তেওঁৰ অজীৰ্ণ ৰোগ উৎপত্তি হয়; এই ৰোগ উপশম হ'বৰ কাৰণে অগ্নিৰ অনুৰোধত কৱষ্ণ আৰু অৰ্জ্জুনে খাণ্ডব বন আৰু তাৰ জীব-জন্ত্তবিলাকক পুৰি খাবলৈ দিয়ে।]
the act of burning the forest Khāṇḍava
- খাণ্ডবপ্ৰস্থkhan.dob.pros.thoProper Noun
পুৰণি দিল্লীৰ ইন্দ্ৰপ্ৰস্থৰ ওচৰত থকা, মহাভাৰতত উল্লেখিত এখন অৰণ্য।
or Khandavaprastha was an ancient forest mentioned in the epic Mahabharata. It lay to the west of Yamuna river, in modern day Delhi territory.