কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অচঞ্চলo.son.solProper Adj.
লৰচৰ নকৰি একে ঠাইতে থকা ৷
Not liable to fluctuate or move or especially to fall.
- অচতুৰacaturaAdjective
চতুৰ নোহোবা; হোজা; অজলা
not clever; simple
- অচলacalaAdjective
গতি-শূন্য; অলৰ; লৰচৰ নকৰা; স্হিৰ; নলৰা
fixed; motionless; firm
- অচলাo.so.laProper Adj.
উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Showing determination or firmness of purpose
- অচলিতo.so.li.toProper Adj.
বৰ্তমান ব্যৱহাৰ নোহোৱা হৈ যোৱা৷
no longer in use or no longer useful
- অচাটুবাacāṭubāAdjective
তোষামোদ নকৰা; কটুৰ; . উচাট-মৰা; মইমত; কাকো নুসুধি বা কাৰো সহায় নলৈ চলা
unsolicitous ; obstinate; self-willed
- অচাটুৱাo.sa.tu.waVerbal Adj.
তোষামোদ নকৰা
not trying to please by complimentary remarks
- অচিকিৎস্যacikitsyaAdjective
যাৰ চিকিৎসা নাই; আৰোগ্য কৰিব নোবৰা; যেনে -"অচিকিৎস্য ব্যাধি যেন ভৈল গৰ্ভ-ৰোগ" (মা.ক. অযোধ্যাকাণ্ড)
irremediable; incurable
- অচিনacinaAdjective
অচিনাকি; নজনা; নিচিনা
unknown; not familiar
- অচিনাক্তProper Adj.
কওঁতাজনৰ বাবে পৰিচয় নথকা
someone whose details or identity is not known to the speaker
- অচিন্তacintaAdjective
চিন্তা-শূন্য
free from anxiety
- অচিন্তনীয়Adjective
চিন্তিব বা ভাবিব নোবৰা; মনৰ অগোচৰ; মনে ঢুকি নোপোবা
inconceivable; unimaginable
- অচিৰaciraAdjective
অল্পকালস্হায়ী; খস্তেকীয়া
transitory; of short duration; short
- অচিৰস্থায়ীo.si.ros.tha.yiProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- অচুম্বিতProper Adj.
যাক চুমা খোৱা হোৱা নাই
one who has not been kissed.
- অচেতনacetanaAdjective
জীব নথকা
inanimate
- অচ্ছিতProper Adj.
সত্য বা এক নিৰ্দ্দিষ্ট মানৰ সৈতে হুবহু মিল থকা
Conforming exactly with the truth or a standard
- অচ্ছিন্নProper Adj.
খণ্ড খণ্ড নকৰা অথবা একগোট হৈ থকা ৷
Not divided or cut into pieces.
- অচৰacaraNoun
যি নেযায় বা গতি নকৰে; স্হাবৰ বস্ত্ত; যেনে-গছ, লতা, মাটি আদি।
- অচৰিত্ৰacaritraAdjective
বেয়া স্বভাব থকা; চৰিত্ৰহীন
without character; having bad character