কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুটিphuṭiNoun
ভঁৰালৰ ধান আদি শস্য খোবা এবিধ সৰু বগা পাখি থকা পোক
a kind of small fly
- ফুটি-মণিphuṭi-maṇiNoun
সৰিয়হ একোটিৰ সমান কাচৰ এবিধ বিদেশী মণি
a kind of very small beads of glass, etc.
- ফুটি-মাৰিphuṭi-māriNoun
গেৰেলী-মাৰিক মাকোৰ খোলনিত হেঁচি ধৰি ৰখা সৰু শলা
a small pin
- ফুটিগজালphuṭigajālaNoun
এবিধ সৰু চুটি গজাল
a small nail
- ফুটিয়া গাখীৰphu.ti.ya ga.khirMaterial Noun
কেঁচা, দৈ নোহোৱা সতেজ গাখীৰ৷
fresh milk, fresh milk before turned to curd.
- ফুটিয়া-গাখীৰphuṭiẏā-gākhīraNoun
এবাঁ গাখীৰ; দৈ নমৰা গাখীৰ
milk
- ফুটুকাphuṭukāNoun
এবিধ বনৰীয়া সৰু গছ
a kind of shrub; Melastoma malabatricum
- ফুটুকাৰ ফেনphuṭukāra, phenaNoun
অমূলক বা অকামিলা বস্ত্ত
a useless and ephemeral thing
- ফুটুকিphuṭukiNoun
কাপোৰৰ মাজত আঁচুৰে বা গুণাৰে আঁতৰা-আঁতৰি কৈ দিয়া সৰু ফুল
embroidered spots or flowers on a cloth
- ফুটুকী বাঘphuṭukī, bāghaNoun
"নাহৰ-ফুটুকী বাঘ" চোবাঁ।
- ফুটুকী হৰিণphu.tu.ki ho.rinCommon Noun
a common species of deer in India with reddish coat with spots on it
- ফুট্phuṭIntransitive verb
বিন্ধা ওলা; বিন্ধাযুক্ত হ
to have a hole
- ফুতিphu.tiCommon Noun
এবিধ সৰু বগা পাখি লগা পতংগ ৷ এই বিধ পতঙ্গ সাধাৰণতে গুটি ধানৰ ভঁৰালত দেখিবলৈ পোৱা যায় ৷
A kind of short live insects which lasts a day or a short period of time. Mostly it is locketed in the rice stored place .
- ফুলphulaNoun
কুসুম; পুষ্প
a flower
- ফুল-কবিphula-kabiNoun
বৰ ডাঙৰ ফুল মেলা এবিধ বিদেশী কবি-শাক
the cauliflower; Brassica (oleracea) botrylis
- ফুল-বাগানphul-ba.ganMaterial Noun
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
- ফুলকবিphul.ko.biCommon Noun
এবিধ পাছলি, যাৰ ফুলৰ দৰে উপৰিভাগ খোৱা হয়৷
a plant having a large edible head of crowded white flower buds
- ফুলকোঁৱৰCommon Noun
ৰজাৰ ঔৰসত ৰাণীৰ গৰ্ভজাত পুত্ৰ৷
a male member of a royal family; especially a son of the sovereign
- ফুলচুৰিphul.su.riAbstract Noun
আনৰ তিৰোতাৰ লগত শাৰীৰিক সমন্ধ স্থাপন কৰা ।
sexual intercourse between a married person and one who is not his or her spouse.
- ফুলচোৰphul.so`rCommon Noun
আনৰ ফুলবাগিছা, ৰাজহুৱা উদ্যান আদিৰ পৰা ফুল চুৰি কৰা লোক।
somebody who steals flowers from gardens of other people.