কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উভত-গোৰেubhata-goreAdverb
ভৰি ওভোতা কৰি; তলমূৰ কৰি; "ওভত-গোৰে" চোবাঁ; যেনে-"পুতিবে উভত-গোৰে বিষ্ঠাৰ গৰ্ত্তত" (দশম)।
- উভতি ধৰ্u.bho.ti dhorVerb-Trans.
কাৰোবাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জবাব দে
to reply to, usually in a sharp or retaliatory way
- উভলি মূৰতAdverb
সকলো কাম হৈ যোবাৰ পাছত।
- উভল্ubhalIntransitive verb
শিপা আৰু গুৰি মাটিৰপৰা এৰাই বা দাং খাই কাতি হৈ পৰ্; উঘলি পৰ্
to be uprooted
- উভাubhaVerb-Trans.
তাপ প্ৰয়োগ কৰি জুলীয়া বস্তু এটা ভাপ বা বাষ্পলৈ ৰূপান্তৰিত কৰ্
to cause a liquid to change to a gas, especially by heating
- উভালubhālaTransitive verb
শিপা আৰু মূল সমন্বিতে তুলি পেলা; উঘাল্
to uproot
- উভাল্u.bhalVerb-Trans.
গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।
to pull off or out from the place of growth.
- উভাৰ্ubhārTransitive verb
তোল্; উভাল্; উঘাল্; যেনে-"একে হাতে উভাৰি ধৰিলা গোবৰ্দ্ধন" (দশম)
- উভুবাubhubāTransitive verb
উৰা
to cause to fly; to blow away
- উভুৱাu.bhu.waVerb-Trans.
বতাহত বা মুকলিলৈ এৰি দে
to cause to fly freely in the open air
- উভ্ubhIntransitive verb
ভাপ হৈ উৰি যা
to evaporate
- উমনি দেu.mo.ni deVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উমনি লu.mo.ni loVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উমনিত বহ্u.mo.nit bohVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উমল্umalIntransitive verb
ওমল্।
- উমাumāNoun
পাৰ্ব্বতী
Pārvatī; the wife of Śiva
- উমা-জালেAdverb
উমাই উমাই; অলপ অলপকৈ বা কমকৈ জ্বলি; বেছিকে নজ্বলাকৈ; যেনে-"জুইকুৰা উমাজালে লাগিছে"
smoulderingly
- উমাই উমাইumāi, umāiAdverb
বৰকৈ নজলাকৈ
in a smouldering manner
- উমান পাu.man paVerb-Trans.
স্পৰ্শবোধ বা অনুভৱ কৰ্
to have a sensation or feeling
- উমান লa~t.kal paVerb-Intran.
(কোনো বিষয়ে) অলপ অলপ জান্ বা অনুভৱ কৰ্
to feel slightly or to have a little knowledge of (something)