কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাঁকkhām̐kaNoun
খোঁকাউৰি।
- খাঁকিkhām̐kiNoun
ফেৰেঙণিৰ চুক; গছৰ যি ঠাইৰপৰা পৱথক ডাল মেলি যায়
the root or joint of forking branches of tree
- খাঁকৰkhām̐karaNoun
খোঁকাউৰি; গাঁতৰ মাটি খানি তুলি আনিবৰ কাৰণে এমূৰ সৰু সৰুকৈ ফালি লোবা এডোখৰ গোটা বাঁহ
a piece of whole bamboo, one end of which is split into several strips, which are pointed and used for picking up earth while digging a hole
- খাঁকৰুkhām̐karuNoun
খেঁকেৰু; নাকৰ শুকান সেঙুন
dried mucus in the nostril
- খাঁজkhām̐jaNoun
এটা বস্ত্তত আন এটা বস্ত্তৰ এমূৰ সুমাই লগাবলৈ কৰা খোলনি; এডোখৰ কাঠত আন এডোখৰ কাঠৰ এমূৰত কাটি দিয়া আল সুমাই দিবলৈ কৰা খোলনি
a mortise for joining two pieces of timber
- খাঁজ-খোপkhām̐ja-khopaNoun
য'ত যেতিয়া যেনে হ'ব লাগে তেনে হোবা অবস্হা বা গুণ; ঠিক-ঠাক; জোৰা-জোখা; যেনে-"তেওঁ খাঁজ-খোপ লগাই কথা ক'ব পাৰে"
the state or quality of being exactly fit or proper
- খাঁজি-খোবাkhām̐ji-khobāNoun
বাটৰুবাই এসাজ খাই বিশ্ৰাম কৰিবৰ নিমিত্তে বাট সাজি থোবা ঘৰ
a rest house
- খাইkhāiNoun
খাবে
a ditch; a trench
- খাই তেলkhai telAbstract Noun
Oil extracted from mustard seed and generally used for cooking in Eastern India.
- খাই-তেলkhāi-telaNoun
খোবা বা খোবাৰ উপযুক্ত তেল; মিঠা তেল; সৰিষহ তেল
edible oil; mustard oil
- খাই-মাছkhāi-māchaNoun
খাবৰ যোগ্য মাছ; খাবলৈ খোবা মাছ।
- খাইকহ্khāikahNoun
অতিপাত খঁকুবা, মানুহ
a gourmand
- খাইদংMaterial Noun
তিৱা মহিলাই কাণত পৰিধান কৰা থুৰীয়া
a traditional jewelry worn in ears by Tiwa women.
- খাইবাৰ গিৰিপথkhai.bar gi.ri.pothProper Noun
আফগানিস্তান পাকিস্তান সংযোগী স্পিন পৰ্বতমালাত থকা পথ৷ পৃথিৱীৰ প্ৰাচীনতম ৰেচম পথ৷
The Khyber Pass is a mountain pass connecting Afghanistan and Pakistan, cutting through the northeastern part of the Spin Ghar mountains. An integral part of the ancient Silk Road, it is one of the oldest known passes in the world.
- খাউখেৰেংkhāukheremNoun
কুঁচি ফুল।
- খাওঁতাkhāom̐tāNoun
যি খায়; যাক খুবাব বা পুহিব লাগে
one who eats; one who is to be supported
- খাওণ্ডkha.o’ndProper Noun
বিদেশলৈ গৈ ৰজাৰ নিমিত্তে বয়-বস্তু কিনা, নানা দেশৰ আচাৰ-ব্যৱহাৰ লক্ষ্য কৰা, মৃত ৰজাৰ অস্থি গঙ্গাত লগোৱা আদি কামৰ বাবে ৰুদ্ৰসিংহ ৰজাৰ দিনৰ পৰা নিযুক্ত এক শ্ৰেণীৰ বিষয়া । বৰ্ত্তমান অসমৰ এটা উপাধি ।
An officer under the Ahom regime whose duty was to purchase things for the king in foreign countries, to observe manners and customs of foreign people and consign the ashes of dead kings to the sacred rivers. Now it is a surname of Assam.
- খাওনkhāonaNoun
খাবন; খোবা কাৰ্য্য
the act of eating
- খাওনিkhāoniNoun
খাদ্য বস্ত্ত; খোবা সামগ্ৰী
food
- খাওন্দkhāondaNoun
আহোম ৰজাৰ দিনৰ এজন বিষয়াৰ নাম [এওঁৰ বাব আছিল বিদেশলৈ গৈ ৰজাৰ নিমিত্তে বয়-বস্ত্ত কিনা, নানা দেশৰ আচাৰ-ব্যবহাৰ চাই ফুৰা, আৰু মৱত ৰজাৰ অস্হি গঙ্গাত লগোবা।]
an officer of the Ahom king whose duties were to visit foreign countries and observe their manners and customs, make purchase for the king or consign to the sacred rivers the ashes of a departed king