কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অক্ষৰ-ব্ৰহ্মakṣara-brahmaNoun
সৰ্ব্বব্যাপী, অব্যক্ত আৰু জ্ঞানৰ অগোচৰ ঈশ্বৰ।
- অক্ষৰ-ভোক্তাakṣara-bhoktāNoun
জীবাত্মা [অক্ষৰ বা ব্ৰহ্মই জীবৰ দেহত সংসাৰৰ সুখ, দুখ ভোগ কৰে, গতিকে জীবাত্মাৰ নাম অক্ষৰ-ভোক্তা; "ভোক্তা জীবক অক্ষৰ পুৰুষ বুলি" (ক.গী.)]।
- অক্ষৰজননীMaterial Noun
লিখিবলৈ ব্যৱহাৰ কৰা এক যতন
An instrument for writing or drawing with ink or similar fluid
- অক্ষৰশৈলীAbstract Noun
এটা বিশেষ ৰং, শৈলী আদি প্ৰয়োগ কৰি লিখা
writing in a particular colour, style etc.
- অক্ষৰান্তAbstract Noun
শব্দাংশৰ শেষত থকা ব্যঞ্জণ স্বৰ
the consonant sound at the end of a syllable
- অক্ষৰান্ধতাAbstract Noun
লিখিত শব্দ চিনিব-পঢ়িব নোৱাৰা এক ধৰণৰ মগজুৰ ৰোগ
A type of brain disease that prevents one from recognizing and reading written words
- অক্ষৰাৰ্থakṣarārthaNoun
অক্ষৰ বা আখৰৰপৰা যি অৰ্থ বুজা যায়; শব্দাৰ্থ
literal meaning
- অক্ষৰেখাo.khyo.re.khaAbstract Noun
বিষুব ৰেখাৰ পৰা পূব আৰু পশ্চিমৰ স্হান নিৰ্নয় কৰিবলৈ ব্যৱহাৰ কৰা শব্দ৷
the location of a place on Earth north or south of the equator.
- অক্সফোৰ্ডMaterial Noun
ইংলেণ্ডৰ এখন চহৰ৷ ১০৯৬ চনতে স্থাপন কৰা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বাবে বিখ্যাত৷
A city in England. It is famous for the University of Oxford, established in 1096 AD.
- অক্সফৰ্ডMaterial Noun
ইংলেণ্ডৰ এখন চহৰ৷ ১০৯৬ চনতে স্থাপন কৰা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বাবে বিখ্যাত৷
A city in England. It is famous for the University of Oxford, established in 1096 AD.
- অক্সাইডok.saidMaterial Noun
অক্সিজেন বা অম্লজান থকা কোনো ৰসায়নিক যৌগ৷
A chemical compound containing Oxygen.
- অক্সিজেনok.si.genMaterial Noun
স্বাভাৱিক উষ্ণতাত গেছীয় অৱস্থাত থকা এক ৰাসায়নিক পদাৰ্থ ৷ পৃথিৱীৰ বায়ুমণ্ডলৰ ২১ শতাংশ এই গেছেৰে গঠিত আৰু ই সকলো জীৱ জীয়াই থকাৰ বাবে অপৰিহাৰ্য্য ৷
a chemical element in gaseous form in room temperature. 21% of Earth's atmosphere is composed of this gas and the key to survival of life forms
- অক্ৰিয়াakriẏāNoun
অশাস্ত্ৰীয় বা বেয়া কৰ্ম্ম
act forbidden by the sastras; evil act
- অক্ৰূৰakrūraAdjective
দয়ালু; নৰমিয়াল
kind
- অক্ৰোধakrodhaNoun
ক্ৰোধ বা খঙৰ অভাব; ধৈৰ্য্য; বিণ. অক্ৰোধী।
absence of anger; patience
- অকৰণakaraṇaNoun
নকৰা; যেনে-"বন্ধ ভয়ে কৰ্ম্ম-অকৰণতো নিষ্ঠা নকৰিবা" (ক. গী.)।
- অকৰণিo.ko.ro.niAbstract Noun
কাৰোবাৰ বা কিহবাৰ দুর্ভাগ্য কামনা কৰি কৰা প্ৰাৰ্থনা
An appeal or prayer for evil or misfortune to befall someone or something
- অকৰবিৰakarabiraNoun
ডাল নথকা এডলীয়া গা-গছেৰে আৰু ঠেক দীঘলীয়া। আগ-জোঙা পাতেৰে এবিধ ঈষৎ ক'লীয়া বৰণৰ বনৰীয়া সৰু গছ
a wild plant having certain medicinal properties
- অকৰাo.ko.raProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- অকৰ্ণo.kor.noCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.