কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- -মুখীয়া-mukhīẏāAdjective
মুখ-থকা; মুখ-যুক্ত; (সদায় আন এটা শব্দৰ পাছত যোগ হয়); যেনে-"দহমুখীয়া ৰাবন"
having a face
- -মুবা-mubāAdjective
(আন শব্দৰ পাছত বহি তাৰ "মুখযুক্ত বা নিচিনা" আৰু তাৰ "ফালে মুখ কৰি" অৰ্থ বুজায়) মুখৰ নিচিনা; মুখযুক্ত; যেনে-"ছাইমুবা; বেজীমুবা"
having a face like
- -মূৰীয়া-mūrīẏāAdjective
কোনো পাত্ৰৰ মূৰ, মুখ বা কাণলৈকে ভৰা; পূৰ হৈ বা ভৰি মূৰ বা কাণৰ সমান হোবা; "কাণমূৰীয়া" চোবাঁ; (এটা সংখ্যা-শব্দৰ পাছত থাকে)
filled to the level of the brim; measuring full to the brim of a vessel
- -যুগীয়া-yugīẏāAdjective
কোনো এটা যুগৰ; কোনো এক যুগ- সম্পৰ্কীয় (আন শব্দৰ পাছত থাকে) যেনে-"সত্যযুগীয়া"
of a particular age; relating to a particular age
- -সঁজীয়া-sam̐jīẏāAdjective
সাঁজৰ (সংখ্যা শব্দৰ পাছত যোগ হৈ "সাঁজ" শব্দই সংখ্যা বুজায়); যেনে-"এসঁজীয়া বা দুসঁজীয়া লঘোন।"
- -সজীয়া-sajīẏāAdjective
গঢ় বা সাজৰ সাদৱশ্য থকা; আকৱতিৰ; গঢ়ৰ নিচিনা (কোনো বিশেষণ শব্দৰ পাছত বহে); যেনে-"গোটা-সজীয়া"
resembling; having a similar form
- -স্বৰূপী-sbarūpīAdjective
তুল্য; সদৱশ; নিচিনা; যেনে-বিবাহৰ বৰ বিষ্ণুস্বৰূপী
like; similar (used in composition as the last member of a word)
- -হাৰী-hārīAdjective
হৰণ কৰোঁতা; দূৰ কৰোঁতা বা গুচাওঁতা (এটা বিশেষ্য পদৰ পাছত লগ লাগে।); যেনে-"ভয়হাৰী"
removing; taking off (used as the last member of a compound word)
- -ৰূপী-rūpīAdjective
কোনো এক ৰূপ বা আকৱতি ধৰা (ই বিশেষ্য শব্দৰ পাছত থাকে।); যেনে-"ব্ৰহ্মৰূপী সনাতন"
having a certain form
- অ-পৰ্য্যাবৃত্তProper Adj.
কোনো নিৰ্দ্দিষ্ট সময়ৰ মূৰে-মূৰে নোহোৱা বা দেখা নিদিয়া
not occurring or appearing at regular intervals or recurring at intervals of time.
- অ-ব্যৱসায়িকo-byo.bo.xa.yikProper Adj.
ব্যৱসায় বা লাভজনক কাৰবাৰৰ সৈতে সম্বন্ধ নথকা কাৰ্য্যৰ সৈতে জড়িত।
pertaining to an activity not meant to do business or make profit.
- অঁকা-বঁকাAdjective
[অঁকাঅঙ্ক +বঁকা বক্ৰ] অনেক ধৰণৰ আৰু বৰণৰ আঁচ থকা; চিতবা-পখবা
variegated, striped
- অঁকাবঁকাo~.ka.bo~.kaAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- অঁকাৰীo~.ka.riProper Adj.
তুঁহ বা আন অলাগতিয়াল মলবোৰ আঁতৰ নকৰা (চাউল)
(rice) not cleared of husk and other unwanted particles
- অঁকোৱা-পকোৱাo~.ko’.wa-po.ko’.waProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- অঁকৰাam̐karāAdjective
কথা ক'ব নোবৰা
dumb
- অঁকৰা-মূৰীয়াAdjective
অঁকৰাৰ নিচিনা ভাল-বেয়া বিচাৰ নথকা; আসুৰিক
violent; demoniac
- অঁচাৰ-পঁচাৰam̐cāra-pam̐cāraAdjective
আপুৰুগীয়া; দুষ্প্ৰাপ্য
rate; unfamiliar
- অঁটাam̐ṭāAdjective
যথেষ্ট
enough; sufficient
- অঁতam̐taAdjective
পৰিষ্কাৰ
cleared