কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মটৰমাহmaṭaramāhaNoun
এবিধ খেতিত হোবা মাহ
a pea; Pisum arvense or pisum sativum
- মঠmaṭhaNoun
দ'ল; দেবালয়; দেবতাৰ পকী ঘৰ
a Hindu pagoda; a temple
- মঠ-মন্দিৰmoth-mon.dirMaterial Noun
হিন্দু বা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ উপাসনাৰ ঠাই
a place of worship, specially for Hindus and Budhist etc
- মঠঘৰীয়াmoth.gho.ri.yaCommon Noun
নামঘৰৰ তত্ত্বাৱধায়ক, পুৱা-গধূলি নামঘৰত চাকি জ্বলোৱা, নামঘৰ পৰিষ্কাৰ কৰি ৰখা ব্যক্তি ৷
a person who care and supervision of a "Vaishnavite Namghar". It is also used as a surname in Assam by their descendants.
- মঠঙা শালিmaṭhaṅā, śāliNoun
মঠা চাউল হোবা এবিধ শালি ধান
a kind of paddy producing coarse rice
- মঠীয়াmaṭhīẏāNoun
মাটিৰ ডাঙৰ ভেদ; ডিঙি-চুটি, পেট-বহল, দীঘলীয়া-গা আৰু তলৰ ফাললৈ জোঙা এবিধ মাটিৰ পাত্ৰ
a large earthen jar
- মডিউলmo.diulAbstract Noun
প্ৰ`গ্ৰামৰ এটা অংশ যি কাৰ্যসমূহ স্পষ্টভাৱে প্ৰদৰ্শন কৰে, এটা আন্তঃপৰিৱৰ্তনীয়, প্লাগ-ইন হাৰ্ডৱেৰ একক৷
Part of a program that performs a distinct function, an interchangeable, plug-in hardware unit
- মণিmaṇiNoun
ৰত্ন, হীৰা, মুকুতা আদি বাখৰ
a gem; a jewel
- মণি-পিন্ধোবাmaṇi-pindhobāNoun
বিয়া কৰাবলৈ ঠিক হোবাৰ চিন-স্বৰূপে দৰা- ঘৰৰপৰা ছোবালীক মণি আদি পিন্ধোবা কাৰ্য্য; "ভাৰ পেলোবা" চোবাঁ
final betrothal as marked by the presentation of ornament to the fiancee from the bridegroom
- মণি-মুক্তাmo.ni-muk.taMaterial Noun
অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷
A pearl or mineral that has been cut and polished for use as an ornament.
- মণিকmo.nikMaterial Noun
এক নিৰ্দ্দিষ্ট ৰাসায়নিক গঠন আৰু বৈশিষ্ট্যপূৰ্ণ দানাকৃতি, বৰণ আৰু কঠিনতাযুক্ত, প্ৰাকৃতিকভাবে উপলভ্য অজৈৱ গোটা পদাৰ্থ।
A naturally occurring, homogeneous inorganic solid substance having a definite chemical composition and characteristic crystalline structure, color, and hardness.
- মণিকণিকাmaṇikaṇikāNoun
কাশীৰ এটা পবিত্ৰ ঘাট
a holy bathing place in the Ganges at Banaras
- মণিকুটmaṇikuṭaNoun
নামঘৰৰ পূব বা উত্তৰমূৰে লগাই সজা মূৰ্ত্তি, ভাগবত আদি থোবা সৰু ঘৰ
a small house attached to a Hindu chapel in which the idol and sacred books or things are kept
- মণিকূটmo.ni.kutMaterial Noun
নামঘৰৰ এটা মূৰত সিংহাসন, ভাগৱত, বা অন্যান্য পৱিত্ৰ বস্তু ৰাখিবলৈ আৰু চাকি-বন্তি দিবৰ কাৰণে সজা এটা আছুতীয়া সৰু ঘৰ ৷
a vestry, a room attached to a "Vaishnavite Hindu Namghar" in which the idol (Bhagawot, Kirtan, Gunamala etc) and other sacred things are kept.
- মণিকোঠাAbstract Noun
কিহবাৰ একেবাৰে মাজৰ বা ভিতৰৰ ভাগ
center or the inner part of something
- মণিকৰ্ণেশ্বৰProper Noun
অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত পৌৰাণিক শিৱ মন্দিৰ৷
A Shiva mandir in North Guwahati Assam
- মণিছালmaṇichālaNoun
হাইঠা গুটিৰ ছাল; "হাইঠা" চোবাঁ।
- মণিছালৰ গুটিmo.ni.sa.lor gu.tiAbstract Noun
হালধীয়া বৰণৰ ডাঠ ছালযুক্ত এবিধ গুটি ৷ এইগুটি সাধাৰণতে চাবোন হিচাবে ব্যৱহাৰ কৰা হয় ৷
Indian soapnut (sapindus laurifolius Vahl) is cultivated through northwest India including West Bengal and Assam. The fruits are small leathery-skinned and yellow coloured drup of 1-2 cm in diameter, which are commonly used as detergent.
- মণিজৰীmaṇijarīNoun
মণি সিয়া বটীয়া
a string to wreathe a necklace of beads
- মণিদ্বীপmaṇidbīpaNoun
ক্ষীৰসাগৰৰ মাজৰ এক দ্বীপ।