কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপচ্upacIntransitive verb
ওপচ্; যেনে-"সুবৰ্ণ ৰতনে তাইৰ উপচিল পাচি" (কীৰ্ত্তন)।
- উপচয়Verb-Intran.
আগলৈ যোৱা
to move in the forward direction
- উপচয়ীVerbal Adj.
সৰল পদাৰ্থৰপৰা জটিল যৌগৰ উৎপাদন প্ৰক্ৰিয়াৰ সৈতে জড়িত
involving or stimulating the building of complex substances from simpler ones
- উপজননu.po.jo.nonAbstract Noun
সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়া
the process of giving birth to a child
- উপদেশupadeśaNoun
শিকনি; শিক্ষা; বুজনি
advice; instruction
- উপদেশ দেu.po.dex deVerb-Trans.
কোনো পৰিস্থিতিৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰা৷
to offer opinion about what should be done in a given situation
- উপনাম দেu.po.nam deVerb-Trans.
কাৰোবাক পোছাকী নামৰ উপৰিও আন নাম দিয়া, সাধাৰণতে এনেই মাতিবলৈ বা জোকাবৰ কাৰণে৷
to give somebody a nickname.
- উপনিৱিষ্টu.po.ni.bis.toVerbal Adj.
বাস কৰি থকা
having inhabitants,occupied
- উপনিৱেশীকৰণu.po.ni.be.xi.ko.ronVerbal Noun
কোনো দেশত/ঠাইত গৈ উপনিৱেশ স্থাপন কৰা কাৰ্য্য ।
The act of colonizing; the establishment of colonies.
- উপনীত হu.po.nit hoVerb-Intran.
কোনো স্থানত গৈ উপস্থিত হ
to come from somewhere else to be present at the current location
- উপবাস কৰ্u.po.bax korVerb-Intran.
খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্
to abstain from or to eat very little food
- উপবাসেu.po.ba.xeAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- উপভোগ কৰ্u.po.bho`g korVerb-Intran.
কোনো ঘটনা দেখি-শুনি আমেজ ল
Experience or take the pleasure in
- উপমা দেu.po.ma deVerb-Trans.
দুই বা ততোধিক বস্তুৰ মাজত থকা সাদৃশ্য বা বৈসাদৃশ্য পৰীক্ষা কৰ্
to examine the similarities or dissimilarities of two or more things
- উপযাচকu.po.ja.sokVerbal Adj.
নোখোজাকৈ আনক (কোনো বস্তু) দিয়া ব্যক্তি
one who offers (something) without being asked for
- উপযাচনNoun; Adverb
উপযাচি; বি. উপযাচক বিণ. স্বয়ং উপস্হিত-হৈ কোনো কাম কৰিবলৈ প্ৰাৰ্থনা কৰা বা খোজা; নিজে আগ বাঢ়ি কোনো কাম কৰিবলৈ হেঁপাহ দেখুওবা।
one who offers to give or grant
- উপযাচিup.ja.siAdverb
নোখোজাকৈ দিয়া ৷
without being asked.
- উপযাচ্upayācTransitive verb
লোকে নোখোজাকৈ নিজে দিবলৈ আগেয়ে প্ৰস্তাব কৰ্; যেনে-"ছোবালীজনী উপযাচি দিছে"
to offer
- উপযোগী কৰ্upojo`gi korVerb-Trans.
উপযোগী বা অনুকূল কৰি ল
To make suitable for a new use or condition
- উপলক্ষেAdverb
উদ্দেশ্যে; কাৰণে; সম্পৰ্কে; নিমিত্তে
with the object of; for the purpose of