কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাৰghāraNoun
গলধন; ডিঙিৰ পাছ ভাগ
the back of the neck
- ঘাৰ-মোচৰাNoun
মাৰিবৰ বা দুখ দিবৰ কাৰণে যি ডিঙি পকায় বা মোচৰে; ডিঙি পকাওঁতা
one who wrings the neck
- ঘাৱgha.woMaterial Noun
কটাৰ কাৰণে হোৱা ক্ষতি
harm or damage that is done by a cut
- ঘিghiMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- ঘিঁউghi~uAbstract Noun
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
- ঘিঁউ কচুghi~u ko``.suCommon Noun
কচু শাকৰ এক প্ৰজাতি৷
An aroid distributed throughout India. This strange plant has very narrow 3 ft flower heads emerging before leaves in spring, then unfurl into only kind of narrow, with intricate maroon and cream patterning.
- ঘিঁউভাতMaterial Noun
ঘিঁউৰে ভজা বা ঘিঁউ মিহলোৱা ভাত
rice mixed or fried with ghee
- ঘিউghiuNoun
পগোবা মাখন; মাখন পগালে হোবা এবিধ খোবা বস্ত্ত
clarified butter
- ঘিউ-বৰুবাghiu-barubāNoun
আহোম ৰজাৰ দিনৰ ঘিউ আদি বস্ত্ত ৰজা-ঘৰত যোগানৰ দিহা কৰা এজন বিষয়াৰ নাম।
- ঘিট-ঘিটনিghit.ghi.to.niAbstract Noun
অতিমাত্ৰা শক্তি প্ৰয়োগ কৰি আমনি কৰা৷
act of extreme forceful troubling.
- ঘিটিংghiṭimNoun
দূৰত মেঘে গাজিলে হোবা বা সেই নিচিনা আন ডাঙৰ গহীন শব্দ; যেনে-"বৰ গথ কাটিলে, ঘিটিঙে কৰিলে"
an imitative word used to express sound like that of distant thunder
- ঘিট্ঘিটনিghiṭghiṭaniNoun
বহুত গোটা বস্ত্তবে পৰস্পৰে খুন্দা খোবাবপৰা হোবা শব্দ
an imitative word used to express the sound of many solid things striking each other
- ঘিট্ঘিটনিghit.ghi.to.niVerbal Noun
সঘনাই আবিৰ্ভাৱ হোৱা, যেনেঃ চোৰৰ ঘিটঘিটনি।
frequent occurrence or prevalence of something undesirable.
- ঘিণghiṇaNoun
ঘৱণা; বিক্চিনা; অতিশয়ৰূপে ভাল নোপোবা
hate; extreme dislike
- ঘিনাAbstract Noun
সন্মানৰ অভাৱ, শত্ৰুতা অথবা ভাল নোপোৱা সোৱাদ, গোন্ধ বা ৰঙৰ বাবে জন্মা অতি বেয়া পোৱা ভাৱ।
extreme dislike due to lack of respect, enmity or unfavorable taste, odour or colour.
- ঘিমৰুghimaruNoun
ছিঁৰাল জাতিৰ এবিধ বনৰীয়া লতা
a wild creeper of the cucumber family
- ঘিলাghilāNoun
বহুত গছ জুৰি বগোবা এবিধ বৰ ডাঙৰ বনৰীয়া লতা আৰু তাৰ গুটি [বৰ দীঘল ফাঁক মেলি ইয়াৰ চেপেটা ছেঁই ধৰে আৰু তাৰ ভিতৰত চেপেটা আৰু ঘূৰণীয়া গুটি হয়; এই গুটিৰ ভিতৰৰ মঙহেৰে মাইকী মানুহে মূৰ ধোবে; গুটিবোৰেৰে ল'ৰাই ধেমালি কৰে; কেতিয়াবা তাৰ ঠাৰি তামোলৰ লগত খায়।]
a kind of gigantic wild creeper and its round flat seeds; Entada scandens
- ঘিলা পিঠাghi.la pi.thaMaterial Noun
পিঠাগুৰিৰ লগত গুৰ আৰু পানী মিহলাই থুপথুপীয়া কৰি তেলত ভজা গোলাকৃতিৰ আৰু সাধাৰণতে মাজটো ফোপোলা এক পিঠা৷
a kind of traditional Assamese pitha. Made up of a mixture of rice powder,jaggery and water. This mixture is deep fried in oil.
- ঘিলা-খেলNoun
ঘিলাৰে কৰা ধেমালি
a game played by children using ghilās as marbles
- ঘিলা-খোপাNoun
ঘিলাৰ নিচিনাকৈ চেপেটা আৰু ঘূৰণীয়াকৈ বন্ধা খোপা; ঘিলাডুঙীয়া [অ. ঘিলা + ডোঙা] বি. নৈৰ সাধাৰণ ঠাইতকৈ কিছু দ আৰু ঘূৰণীয়া ঠাই; বাম ডুবি
a round and comparatively deep place in a river