কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰিহাকুৰীয়াri.ha.ku.riyaProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- ৰিহাফুৰীয়াrihāphurīẏāAdjective
এলেহুবা; কামত লোকৰ পাছ ধৰি ফুৰা
unwilling to do a thing unless another does it; lazy; tardy
- ৰীতি বহিৰ্ভূতri.ti bo.hir.bhu.toProper Adj.
পৰিৱেশ বা অৱস্থাৰ সৈতে খাপ নোখোৱা বা উপযুক্ত নোহোৱা
not suited or appropriate to the situation
- ৰীতিবদ্ধri.ti.bod.dhoProper Adj.
কোনো বস্তু বা ধাৰণাৰ সঠিক, শুদ্ধ বাখ্যা৷
state or describe exactly the nature, scope, or meaning of.
- ৰীতিবিৰুদ্ধri.ti.bi.rud.dhoProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- ৰীতিসন্মতri.ti.xon.motProper Adj.
ৰীতি অনুসৰি যেনে হ`ব লাগে তেনে (ভাষা, সাজ-পাৰ বা ব্যৱহাৰ)
describes language, clothes and behaviour that are serious and correct
- ৰুক্ষrukṣaAdjective
খহটা; কৰ্কশ; অনিমজ (গা)
rough
- ৰুখাৰিrukhāriAdjective
খং-যুক্ত; যেনে-"যো কিছু লবনু হামাকু দেলহঃ নাহি খাবলো সোহি ৰুখাৰি" (বৰগীত)
angry
- ৰুগীয়াrugīẏāAdjective
ৰোগ বা ব্যাধিযুক্ত
sickly
- ৰুচিকৰAdjective
ৰুচি জন্মোবা গুণ থকা; ৰুচি বা সোবাদ লগোবা (খাদ্য)
improving or exciting the taste; appetizing
- ৰুচিবোধসম্পন্নru.si.bo’dh.xom.pon.noProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- ৰুচিসন্মতru.si.xon.mo.toProper Adj.
খুব ভাল জুতিৰ; খাই, পঢ়ি, শুনি ভাল লগা৷
very pleasing in taste.
- ৰুচিৰruciraAdjective
শুবনি; সুন্দৰ
beautiful; charming
- ৰুজীয়াrujīẏāAdjective
দৈনিক ৰোজ খোবা; নিতৌ সিধা খোবা (আলহী)
receiving a daily provision of raw food
- ৰুজুrujuAdjective
বিচাৰকৰ আগত দাখিল কৰা। মোকৰ্দ্দমাৰ দৰ্খাস্ত
field, as a law suit
- ৰুঠাruṭhāAdjective
শুকান; নীৰস; সোবাদ-হীন (ভাত)
dry; tasteless
- ৰুদ্ধruddhaAdjective
আবদ্ধ; কোয়োফালে বেৰি খোবা
shut up; confined
- ৰুদ্ধদ্বাৰrud.dho.dbarProper Adj.
গোপনীয়ভাৱে বা আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি কৰা আলোচনা ৷
held in strict privacy; not open to the press or the public.
- ৰুদ্ধোষ্মProper Adj.
তাপ সোমাব বা ওলাব নোৱৰা এক অৱস্থা
a condition where heat does not enter or leave the particular system
- ৰুধিৰাক্তru.dhi.rak.toProper Adj.
তেজেৰে ৰঙা হৈ থকা৷ অতিমাত্ৰাত তেজ আৰু হিংসা জড়িত৷
Involving bloodshed; besmeared in blood; that involves/shows lot of blood and/ or violence.