কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বঙিয়াbaṅiẏāNoun
পথাৰ বা দ মাটিত বন্ধা; মানুহ যাব পৰা ওখ ঢাপ বা আলি
a walkable high ridge through rice or low land
- বঙ্খনbong.khonMaterial Noun
কৰঙনৰ জোৰাৰ চুক ।
the part of the body where the legs join at the top including the area around the Genitals
- বঙ্গbaṅgaNoun
অসমৰ পশ্চিমে থকা ভাৰতবৰ্ষৰ এখন প্ৰসিদ্ধ প্ৰদেশ
the province of Bengal
- বঙ্গদেশbong.go.dexProper Noun
বাংলা-ভাষী ৰাজ্যসমূহ, বিশেষকৈ বৰ্ত্তমান ভাৰতৰ পশ্চিম-বঙ্গ আৰু বাংলাদেশ
The Bengali speaking states, especially present day West Bengal of India and Bangladesh.
- বঙ্গুbon.guCommon Noun
1. a native or an inhabitant of Bangladesh, West Bengal or who speaks Bengali as first language
- বঙ্গোপসাগৰbong.go`.po.xa.gorProper Noun
পৃথিৱীৰ সৰ্ব্ববৃহত্ উপসাগৰ৷ ইয়াৰ পূৱ দিশত বাৰ্মাদেশ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পশ্চিমত ভাৰতৱৰ্ষ আৰু শ্ৰীলঙ্কা, উত্তৰত বাংলাদেশ আৰু পশ্চিম বঙ্গ, দক্ষিণত ভাৰত মহাসাগৰ আছে৷
Largest bay in the world. Which is bounded by Burma and the Andaman and Nicobar Islands to the east, India and Sri Lanka to the west, Bangladesh and West Bengal to the north and Indian ocean to the south. It is looks like triangler shaped .
- বচbacaNoun
[সং. বৎস] বি. জন্ত্তৰ পোবালি; "পৰচ" চোবাঁ।
- বচনbacanaNoun
কথা; বাক্য
speech; what is said
- বচনভংগীbo.son.bhong.giAbstract Noun
কথা কোৱাৰ ধৰণ বা ব্যৱহাৰ কৰা শব্দৰ বাচনি।
Choice of words or way of speaking.
- বচনভঙ্গীbo.son.bhong.giAbstract Noun
কথা কোৱাৰ ধৰণ বা ব্যৱহাৰ কৰা শব্দৰ বাচনি।
Choice of words or way of speaking.
- বচবাচbos.basVerbal Noun
সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া
a slight or petty oral quarrel
- বচাbacāTransitive verb
জীয়াই ৰাখ্; ৰক্ষা কৰ্
to keep alive; to save
- বচা মাছCommon Noun
এবিধ বাকলি নথকা মধ্যম আকৃতিৰ মাছ৷
a fish variety without scales.
- বচাওঁতাbo.sao`~.taCommon Noun
বিপদ আদিৰ পৰা ৰক্ষা কৰোঁতা ব্যক্তি
Person who saves from danger etc.
- বচাৰীbacārīNoun
আহোম ৰজাৰ দিনত যুদ্ধত ব্যবহাৰ কৰা নাও
a kind of boat used in the navy during the time of the Āhom kings
- বচিbo.siMaterial Noun
কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ
A ridge or swell moving through or along the surface of a large body of water
- বচোবালbacobālaNoun
আহোম ৰজাৰ বৰ-চ'ৰলৈ যাওঁতে বিষয়াসকলে চুৰিয়াৰ ওপৰত মেৰাই কঁকালত টঙালৰে বান্ধি পিন্ধা আৰু আঁঠুলৈকে ওলমা এবিধ কপাহী কাপোৰ
a part of a court dress worn by the officers of the Āhom Rājās
- বচোৱালbo.so`.walMaterial Noun
আহোম ৰজাৰ দিনত ৰজাৰ বৰ চৰালৈ যোৱা বিষয়াই চুৰিয়াৰ ওপৰাত টঙালিৰে বান্ধি পিন্ধা আৰু আঠুঁলৈকে ওলমা এবিধ কপাহি কাপোৰ
A cloth worn over the waist cloth by officers of the Ahom King (Swargadew), extending from the waist to the knee and tied to the waist with a cloth girdle.
- বচ্বাচbacbācaNoun
ঠোটা-মোজা; বাচ্যাবাচ্যি; মুখ-চুপতি; যেনে-"পাচে ঠাকুৰৰে বচ্বাচ্ কৰি ঘৰৰ ৰখিয়া গুচাই আনিলে" (বুৰঞ্জী)
a slight oral dispute or exchange of hot words; altercation
- বছৰbacharaNoun
বাৰ মাহ কাল
a year