কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চঞ্জাপcañjāpaNoun
চোলা আদিৰ নিসিয়া দাঁতিটো ভিতৰলৈ মোকোটাই ধৰি ৰাখিবলৈ সী দিয়া এচটি ঠেক কাপোৰ
the hem of a garment
- চটcaṭaNoun
মৰাপাটেৰে বোবা এবিধ ঢৰীয়া কাপোৰ
a kind of coarse cloth made from jute; sack-cloth; Hessian cloth
- চটকcaṭakaNoun
ঘৰচিৰিকা
a sparrow
- চটচটীsot.so.tiCommon Noun
এবিধ সৰু পৰিভ্ৰমী চৰাই| ভাৰত,চীন,ম্যানমাৰ আদিত দেখা যায়|
Yellow-vented Warbler or Yellow vented Leaf Warbler(phylloscopus cantator) is a migratory bird found in India, China and Myanmar. Dibru-Saikhowa National Park in Assam also hosts this bird.
- চটপ্ চটপ্caṭap, caṭapNoun
চেপেটা বস্ত্তৰে কোবালে উঠা শব্দ
an imitative word used to express the sound produced when anything is beaten with a flat thing like leather
- চটফটনিsot.pho.to.niAbstract Noun
কোনো শুভ সংবাদ পাই বা মনোৰঞ্জক কিবা এটা ঘটা বা হোৱাৰ বাবে আশা বা অপেক্ষা কৰি থকা অৱস্থাত উৎপন্ন হোৱা ধনাত্মক অনুভূতিৰ ঢৌ।
a wave of positive feeling while expecting or waiting something interesting to happen or on receiving some good news.
- চটাcaṭā
দীঘল চেপেটা বস্ত্ত
a long flat piece
- চটাইcaṭāiNoun
বাঁহৰ কামী বা কাঠীৰে বোবা বেৰ বা আবৰণ; যেনে -"দলঙৰ ওপৰত চটাই পাৰি দিছে"
a mat made of stout split bamboo
- চটাই পাখৰীcaṭāi, pākharīNoun
ধুন্-পেঁচ মাৰি চট্ফটাই ফুৰা দুষ্টা মাইকী
a coquette
- চটাই-চৰাNoun
বাঁহৰ কাঠীৰে বোবা আৰু চাৰিওকাণে বাও বন্ধা ওপৰত পাটী নলগোবা আসন; খুঁটি-ঢৰা
a kind of sitting mat made of bamboo strips
- চটাইপাখৰীso.tai.pa.kho.riCommon Noun
ধুন-পেচ মাৰি চটফটাই ফুৰা দুশ্চৰিত্ৰা তিৰোতা ৷
a woman who flirts lightheartedly with men to win their admiration and affection.
- চটিcaṭiNoun
চাপৰ গোৰোহা লগোবা আৰু গোৰোহাৰ ফালে ঢাকনি নথকা এবিধ জোতা
slipper
- চটি-জোতাcaṭi-jotāNoun
চাপৰ গোৰোহা লগোবা আৰু গোৰোহাৰ ফালে ঢাকনি নথকা এবিধ জোতা
slipper
- চটুবাNoun
(পু. অ.) লাভৰ আশাত লোকৰ মনত সন্তোষ লগা কথা কোবা মানুহ; উপাসক; ফুচুলাওঁতা; যেনে-"চাটুবাৰ চাটুত নেদন্ত ৰাজা কাণ" (ৰুক্মিণী-হৰণ)
one who flatters or cajoles another with the hope of gain
- চটুৱাso.tuwaVerb-Trans.
অনুৰোধ, প্ৰশংসা আদি কৰি কাৰোবাক প্ৰভাৱিত কৰ্।
influence or urge by gentle urging, caressing or flattering.
- চট্চটনিNoun
চট্চট্ কৰা কাৰ্য্য।
- চট্চট্caṭcaṭNoun
চেপেটা পাতল বস্ত্তৰে ঘনে ঘনে আঘাত কৰিলে হোবাৰ নিচিনা শব্দ
imitative word used to express the sound like that produced by striking repeatedly with a thin flat thing
- চট্টগ্ৰামsot.to.gramProper Noun
বাংলাদেশৰ ২য় বৃহৎ চহৰ৷ বন্দৰ নগৰী৷ একে নামৰ জিলাৰ সদৰ৷
Chittagong is the second most populous city and main seaport of Bangladesh. It is a major commercial, financial and industrial hub. Located on the Karnaphuli River, it is the administrative seat of Chittagong District and Chittagong Division
- চট্ফটনিsot.pho.to.niVerbal Noun
গাৰ বা মনৰ দুখৰ পৰা হোৱা শাৰীৰিক অস্থিৰতা৷
a twisting of the body from side to side, as in pain and inability to rest or relax or be still.
- চণ্ডডালুProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.