কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খিটখিটীয়াkhit.khi.ti.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- খিতপীয়াkhitapīẏāAdjective
খিতাপ পোবা; যশস্যাশালী; খ্যাতিমন্ত; নাম-জ্বলা
famous; renowned
- খিন্নkhinnaAdjective
চিন্তিত; অপ্ৰসন্ন; ক্লিষ্ট
depressed; suffering pain or uneasiness
- খিলখিলkhil.khilProper Adj.
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোৱাৰ নিচিনা শব্দ ৷
An imitative word used to express the sound of a suppressed laugh.
- খিলখিলনিkhil.khi.lo.niProper Adj.
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোৱাৰ নিচিনা শব্দ ৷
An imitative word used to express the sound of a suppressed laugh.
- খিলঞ্জীkhilañjīAdjective
চিৰদিনীয়া; লৰচৰ নকৰি স্হায়ীভাবে থকা; বহুকাল একে ঠাইতে থকা (মানুহ)
living at a place permanently
- খিলঞ্জীয়াkhilañjīẏāAdjective
চিৰদিনীয়া; লৰচৰ নকৰি স্হায়ীভাবে থকা; বহুকাল একে ঠাইতে থকা (মানুহ)
living at a place permanently
- খিল্খিলাIntransitive verb; Adjective
খিল্খিলীয়া (হাঁহি)।
- খিয়লীয়াAdjective
লোকৰ ভাল দেখিলে খিয়াল লগা বা বেয়া পোবা; হিংসাযুক্ত
envious
- খীণkhīṇaAdjective
কৱশ; গাৰ মঙহ শুকোবা; চেৰেলা
lean; emaciated
- খীণকটীয়াAdjective
চেৰেলা আৰু চুটি চাপৰ
lean and stunted in growth
- খীৰঁতীkhīram̐tīAdjective
গাখীৰ দিয়া; চৰোবা; দুবনী
milch
- খীৰতীkhi.ro.tiProper Adj.
গাখীৰ দি থকা |
Giving milk; bred or suitable primarily for milk production.
- খুঁচুৰীয়াkhum̐curīẏāAdjective
নিচেই-সৰু; অলপীয়া; কম পৰিমাণৰ; যেনে -"খুচুৰীয়া কাম; খুচুৰীয়া বিক্ৰী"
in small pieces or quantities; very small
- খুঁটিতলীয়াkhum̐ṭitalīẏāAdjective
খুঁটি-তাল বজাই গীত বা ৰাগ গোবা
singing with the accompaniment of small cymbals
- খুঁট্খুঁটীয়াkhum̐ṭkhum̐ṭīẏāNoun
সৰু বস্ত্তৰ আঘাতৰ শব্দ; ক্ৰি. বিণ. খুঁট্খুঁট্ কৰে, খুঁট্খুঁট্কৈ অলপ অলপকৈ কিন্ত্ত ঘনাই (কৰা কাজিয়া)।
- খুকুৰাAdjective
ভাগি-ছিগি যোবা; ভাগি ডোখৰ ডোখৰ হোবা (ধাতুৰ পাত্ৰ)
broken into pieces
- খুখুন্দkhukhundaAdjective
চূৰ্ণ; জীৰ্ণ; গুড়ি; পুৰণি হৈ ভাগি-ছিগি যোবা যেন হোবা; যেনে-"ৰৌদ্ৰে বৰিষণে অতি পুৰিয়া আছয়। খুখুন্দা ধনকু ভাঙ্গি মুনিহ কহয়" (মা., আদিকাণ্ড)
powdered; worn-out; in a dilapidated state
- খুখুন্দাkhukhundāAdjective
চূৰ্ণ; জীৰ্ণ; গুড়ি; পুৰণি হৈ ভাগি-ছিগি যোবা যেন হোবা; যেনে-"ৰৌদ্ৰে বৰিষণে অতি পুৰিয়া আছয়। খুখুন্দা ধনকু ভাঙ্গি মুনিহ কহয়" (মা., আদিকাণ্ড)
powdered; worn-out; in a dilapidated state
- খুচতীয়াkhucatīẏāAdjective
ৰস-থকা; ৰং লগোবা (কথা)
funny; pleasing