কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এখুজীয়াekhujīẏāAdjective
এখোজ এখোজকৈ যোবা; লাহে লাহে খোজ কঢ়া
pacing or going slowly
- এখুদমানe.khud.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এগলধাegaladhāAdjective
গলধন বা ডিঙিলৈকে ভবা
- এঘাৰeghāraNoun
এক আৰু দহ; এক অধিক দহ
- এঘৈয়াeghaiẏāAdjective
অঘৈয়া।
- এঘড়ীe.gho.riVerbal Adj.
এবাৰ৷ উদাহৰণ - এঘড়ী(এবাৰ) যুঁজো আহা।
round means -one of a series, in some play or sport.
- এঘৰীয়াegharīẏāAdjective
অকলশৰে এঠাইত ঘৰ লৈ থকা; অকলশৰীয়া
dwelling away from others
- এঙুৰ-ভেঙুৰeṅura-bheṅuraAdjective
বেঁকা-বেঁকি; ভেঙুৰা-ভেঙুৰি
crooked; zig-zag
- এঙেৰুবাeṅerubāAdjective
এঙাৰৰ নিচিনা ক'লা
coal like; black
- এঙেৰুৱাe.nge.ru.waAdjective Adj.
বৰণ আৰু উজ্জ্বলতা বিহীন; কোনো ৰশ্মি প্ৰতিফলিত নকৰি সকলো ৰশ্মি শোষণ কৰা
lacking hue and brightness; absorbing light without reflecting any of the rays composing it
- এচঁহীয়াecam̐hīẏāAdjective
আগে-গুৰিয়ে সমানে নফটা; কাঠ, কামী আদি ফালোঁতে এমূৰ ডাঠ আৰু এমূৰ পাতল হোবা
unevenly split
- এচকুবাecakubāAdjective
এটা চকু থকা
one-eyed
- এচকুৱাa.so.ku.waProper Adj.
এটা চকুৰে নেদেখা বা এটা চকু নথকা যিকোনো জীৱ৷
Having one eye or seeing with one eye only.
- এচলীয়াecalīẏāAdjective
এখন চাল থকা (ঘৰ)
one-roofed
- এচিকটাe.si.ko.taProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- এচেৰেঙাe.se.re.ngaAdjective Adj.
অলপমান, তাকৰীয়া ৰ’দ৷ যেনেঃ এচেৰেঙা ৰ’দ বা ৰ’দ এচেৰেঙা ৷’এচেৰেঙা ৰঙা ৰ’দে ৰং দিলে সানি...’ ৷
something (usually sunlight)less in quantity.
- এছীয়E.SI.YOProper Adj.
এছিয়া মহাদেশৰ সৈতে সম্বন্ধ থকা
Pertaining to the continent of Asia
- এছেৰেঙাe.se.re.ngaAdjective Adj.
ৰ’দৰ পৰিমাণ বুজোৱা; অলপ ৰ’দ৷ যেনেঃ এছেৰেঙা ৰঙা ৰ’দে ৰং দিলে সানি
a measure of sunlight.
- এজমালিej.ma.liProper Adj.
দুই, ততোধিক বা উল্লেখিত সকলোৰে সমান ভাগ বা দখল থকা
belonging equally to, or shared alike by, two or more or all in question
- এজ্মালিejmāliAdjective
কেহবাজনৰো অধিকাৰ থকা; উমৈহতীয়া
possessed in common; joint