কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধূনাAdjective
(পু. অ.) অনেক বাৰ বা বৰকৈ মোহাৰি বা টঙনিয়াই ধুনা; কপাহৰ নিচিনা কোমল কৰা; তুলাতুল
softened by crushing
- ধূনাধুনীAdjective
(পু. অ.) অনেক বাৰ বা বৰকৈ মোহাৰি বা টঙনিয়াই ধুনা; কপাহৰ নিচিনা কোমল কৰা; তুলাতুল
softened by crushing
- ধূমপায়ীdhum.pa.yiProper Adj.
যি ধূমপান কৰে ৷
One who smokes.
- ধূমাচ্ছন্নdu.ma.son.noProper Adj.
ধোৱাৰে পৰিপূৰ্ণ
filled with smoke
- ধূম্ৰবৰ্ণAdjective
ধোঁবা-বৰণীয়া; ছাই-বৰণীয়া
ash-coloured; grey
- ধূলিময়Adjective
ধূলিযুক্ত
dust like
- ধূলিয়ৰিAdjective
ধূলিযুক্ত
dust like
- ধূলীয়াAdjective
ধূলিৰ নিচিনা
like powder
- ধূসৰdhūsaraNoun
মটীয়া বগা, ছাই বা ধোঁবা বৰণ
the grey colour; dusky white colour
- ধূসৰিতAdjective
ধূসৰ বৰণ হোবা; যেনে-"ধূলি-ধূসৰিত হুয়া দেখিতে কুৎসিত" (নাৰীপৰ্ব্ব)।
- ধূৰুপdhu.rupProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- ধূৰ্তdhūrtaAdjective
টেঙৰ
shrewd; cunning
- ধূৰ্ত্তdhūrttaAdjective
টেঙৰ
shrewd; cunning
- ধৃতdhri.toVerbal Adj.
যাক ধৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে।
Person who has been taken captive or arrested.
- ধৃতিমানdhri.ti.manProper Adj.
যিকোনো দুখতো কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ থকা, স্থিৰ আৰু সহিঞ্চু স্বভাৱৰ ৷
suffering delay, pain, irritation etc quietly and without complaining.
- ধৃষ্টdhris.toProper Adj.
নিজৰ শক্তিৰ বিষয়ে বিৱেচনা নকৰাকৈ কোনো কামলৈ আগ বঢ়া; লাজ পাবৰ ভয় নথকা|
Of, pertaining to, or characterized by impertinence or effrontery.
- ধেনাdhenāAdjective
ভিতৰত শাহ পূৰ নহৈ সৰু হৈ থকা; মুনিয়া
undeveloped and small in size
- ধেনুভিৰীয়াAdjective
ধেনুৰ দৰে ভাঁজ বা ভিৰ লোবা
bent like a bow
- ধেনুভেৰীয়াdhe.nu.bhe.riyaProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- ধেন্দ ওলোৱাdhend o`.lo`.waProper Adj.
চকুৰে দেখা নোপোৱা ৷
Destitute of the sense of seeing, either by natural defect or by deprivation; without sight.