কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একেমুৱাe.ke.mu.khiProper Adj.
একেটা দিশত বা একেফালে গতি কৰা বা কাৰ্য্য কৰা
having, moving in, or operating in only one direction
- একেলগe.ke.logVerbal Adj.
একেটা উদ্দেশ্যত সহমত হৈ একেলগ হোৱা৷
Characterized by unity; being or joined into a single entity.
- একেলুবাekelubāAdjective
আকলুবা।
- একেশ্বৰekeśbaraAdjective
অকলশৰীয়া; অকল; লগ নথকা; সঙ্গী-শূন্য; অদ্বিতীয়
alone; solitary
- একেশ্বৰবাদীekeśbarabādīAdjective
এজন ঈশ্বৰ আছে, এনে মত কওঁতা
monotheistical
- একেসুৰীয়াe.ke.xu.ri.yaAdjective Adj.
পৰিবৰ্তন নোহোৱা, একেধৰণৰ আৰু সেয়ে নিৰস, আমনিকৰ বিধৰ।
without change and, therefore, boring and/or monotonous.
- একৈশekaiśaNoun
একুৰি এটা; এক অধিক একুৰি
- একৈহekaihaNoun
একুৰি এটা; এক অধিক একুৰি
- একৈয়াekaiẏāAdjective
এদিনৰ অন্তৰে অন্তৰে হোবা (জ্বৰ)
returning every third day (as fever); tertain
- একোekoAdjective
একমাত্ৰও; কোনো; অলপো; কিছু
slight
- একো-নাইeko-nāiAdjective
একো নমনা; কোনো জ্ঞান নথকা; যেনে-"খঙত একো-নাই হৈছে"
without regard for anything (in anger)
- একোঁহীয়াekom̐hīẏāAdjective
এটা কোঁহ বা অণ্ড থকা; একণীয়া; . বি. একশিৰা।
having only one testicle
- একোছাe.ko`.saProper Adj.
A group or bunch of stick or rod like objects bound together.
- একোদ্দিষ্টekoddiṣṭaAdjective
এজনৰ উদ্দেশ্যে কৰা (শৰাধ); এখনীয়া (শৰাধ)
(śrāddha) offered to one person only
- এক্তৰektaraAdjective
সান-মিহলি
mixed up confusedly' jumbled
- একৰঙনekaraṅanaAdjective
কৰঙণ পৰ্য্যন্ত তল যোবা; কৰঙনলৈকে হোবা দ; কৰঙণীয়া।
- একৰঙীek.ro.ngiProper Adj.
মাত্ৰ এটা কম্পনাংকৰ দোলন বা বিকিৰণ সম্বন্ধীয়
Of or composed of radiation of only one wavelength; having or appearing to have only one color.
- একৰঙ্গনe.ko.rong.gonProper Adj.
কৰঙ্গনলৈকে তল যোৱা দ ৷
covered with any materials like water, rubbish etc. upto thigh or as high as the thigh of a man.
- এখনীয়াekhanīẏāAdjective
এতৰপীয়া; এজাঁপ বা এদোৰোল থকা; যেনে -"এখনীয়া চেলেং"
consisting of one fold only
- এখন্তেকীয়াe.khon.te.ki.yaProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time