কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ট ট কৰেṭa, ṭa, kareAdverb
অতি উজ্জ্বল হৈ।
- টং টং কৰেAdverb; Intransitive verb
টংটঙা; বি. টংটঙনি।
- টংকাৰ দেtong.kar deVerb-Trans.
ধনুৰ গুণ বা কোনো তাঁৰ বাদ্যৰ টানকৈ বন্ধা তাঁৰ এদাল টানি এৰি দি কৰা শব্দ৷
to make a sound by pulling and releasing a tight string (of a musical instrument or bow).
- টকচাṭakacāTransitive verb
আজি দিন কালিলৈ দিম বুলি এৰাবলৈ চেষ্টা কৰ্; . কৱদ
to put off payment by mere excuses
- টকলা হto.ko.la hoVerb-Intran.
পাত, ফুল আদি সৰি নঙঠা হ (গছৰ ক্ষেত্ৰত)।
to be stripped off of leaves and flowers (as a tree).
- টকলিয়াTransitive verb
টকলা কৰ্; বন আদি কাটি শুদা কৰ্; উদং কৰ্; ; কৱদ
to make bare
- টকলিয়াṭakaliẏāIntransitive verb
টকালি মাৰ্; তালুত জিভা হেঁচি লগাই মুখৰ ভিতৰলৈ বতাহ টানি হঠাৎ জিবা এফবাই দি "টক্" শব্দ কৰ্; তেনেকুবা শব্দ কৰি আনন্দ, অসন্তোষ বা বিস্ময় প্ৰকাশ কৰ্
to smack or produce a sound by holding fast the tongue to the roof of the mouth and then quickly separating it; to express joy, displeasure or surprise by smacking
- টকালি পাৰ্to.ka.li parVerb-Intran.
তালুত জিভা হেঁচি লগাই মুখৰ ভিতৰলৈ বতাহ টানি হঠাত্ জিভা এৰুৱাই দি ’টক্’ শব্দ কৰ্ অথবা তেনেকুৱা শব্দ কৰি আনন্দ, অসন্তোষ বা বিস্ময় প্ৰকাশ কৰ্
to produce a sound by holding fast the tongue to the roof of the mouth and then quickly separating it or to express joy, displeasure or surprise by such act
- টকালি মাৰ্to.ka.li marVerb-Intran.
তালুত জিভা হেঁচি লগাই মুখৰ ভিতৰলৈ বতাহ টানি হঠাত্ জিভা এৰুৱাই দি ’টক্’ শব্দ কৰ্ অথবা তেনেকুৱা শব্দ কৰি আনন্দ, অসন্তোষ বা বিস্ময় প্ৰকাশ কৰ্
to produce a sound by holding fast the tongue to the roof of the mouth and then quickly separating it or to express joy, displeasure or surprise by such act
- টক্ṭakIntransitive verb
বুৰোঁ বুৰোঁ হ; তল্ যাওঁ যাওঁ হ
to be nearly submerged; to be almost overflowed
- টক্-টকাtok-to.kaVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- টক্টকনিNoun; Intransitive verb
টক্টকা।
- টকৰাইAdverb
"টকৰ্" কৰি শব্দ কৰি; বেগাই; শীঘ্ৰে
making a small sharp sound; quickly
- টগ্ বগাṭag, bagāIntransitive verb
অস্হিৰৰূপে গতি কৰ্ঃ থৰক বৰক কৰি খোজ কাঢ়্
to stagger; to totter
- টঙনিয়াTransitive verb
টাঙন মাৰ্; টাঙনেৰে আঘাত কৰ্; মৰিয়া; টোকোনেৰে প্ৰহাৰ কৰ্
to cudgel
- টঙাṭaṅāNoun
ওখ, ডাঙৰ আৰু খাগৰিৰ নিচিনা ঠাৰি মেলা এবিধ তৱণ
a kind of high coarse grass
- টঙ্কাৰ্Transitive verb
ধেনুৰ জোৰ টানি আকৌ এৰি দি শব্দ তোল্; . কৱদ
to twang
- টনহ্ṭanahIntransitive verb
জোৰাত দুখ পা; হাড়ৰ জোৰা লৰ্
to be sprained as a joint
- টনাṭanāTransitive verb
আনৰ হতুবাই বল দি ফিন্দাবলৈ দি
to cause to be pulled tight
- টন্টনাIntransitive verb
গাৰ কোনো ঠাইত বৰকৈ আটি বান্ধ দিলে নতুবা খহু আদিৰ পূঁজ বন্ধ হৈ থকাৰ বাবে বেদনা কৰ্; টহ টহা
to cause pain like that produced by a tight bandage or suppurated but yet upopened boil