কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাচলkācalaNoun
পিন্ধা কাপোৰৰ ওলমি থকা ছোবা
that part of a garment which remains loose and hanging
- কাচাইখা আলুCommon Noun
এবিধ গ্ৰীষ্মমণ্ডলীয় লতাজাতীয় উদ্ভিদ যাৰ মঙহাল কন্দমূলক শ্বেতসাৰ প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় |
A tropical vine (Ipomoea batatas) having rose-violet or pale pink, funnel-shaped flowers, and cultivated for its fleshy tuberous orange root. The root of this vine, eaten cooked as a vegetable. Also called yam.
- কাচাৰীkācārīNoun
বিচাৰৰ ঠাই; আদালত
a court of justice
- কাচিkāciNoun
মুখত দাঁৰ থকা ধান দোবা, খেৰ আদি কটা কটাৰী
a sickle
- কাচি-দঁৰীয়াkāci-dam̐rīẏāAdjective
কাচিৰ দৰে দাঁৰ থকা
having toothed edge like that of a sickle
- কাচিদঁৰীয়া.Common Noun
কাচিৰ দৰে দাঁতিত দাঁৰ থকা পাতৰ এবিধ ঔষধি গছ৷
a medicinal herb with leaves serrated at the edges.
- কাচিনProper Noun
উত্তৰ ম্যানমাৰত থকা চীন,অৰুণাচল আৰু নগালেণ্ডৰ সীমামূৰীয়া এখন প্ৰদেশ।
A state of northern Myanmar bordering China and Indian state Arunachal and Nagaland.
- কাচিহাড়ka.si.harProper Noun
মানৱ শৰীৰৰ ঠিক ডিঙিৰ তলৰ পৰা দুয়োফালে প্ৰসাৰিত হৈ বাহুত লগলগা হাড় দুডালেই হৈছে কাচিহাড়৷
In human anatomy, the clavicle or collar bone is the main bone that ribcage ties up with the shoulder under the neck. It is look like a collar. So it is called collar bone.
- কাচুCommon Noun
এটা হাঁড়যুক্ত খোলা আৰু সাঁতুৰিবৰ কাৰণে চটাকৃতিৰ ঠেং-যুক্ত এবিধ জলচৰ সৰীসৃপ
Any of various aquatic reptiles having a bony shell and flipper-like limbs for swimming.
- কাচোনka.so`nCommon Noun
কামিজ বা চোলা, ব্লাউজ, পেণ্ট বা ঠেঙা আদিৰ দৰে পিন্ধিব পৰাকৈ তৈয়াৰী চিলোৱা কাপোৰ।
a stitched piece of cloth that can be worn, like a shirt, blouse, trouser etc.
- কাচ্পাৰkācpāraIntransitive verb
ভালকৈ কাপোৰ-কানি পিন্ধ্
to be fully dressed
- কাচৰkācaraNoun
অসমৰ এবিধ ভাল জাতৰ ম'হ
a buffalo of the best breed
- কাছkāchaNoun
এবিধ জনাজাত পানীৰ চাৰি-ঠেঙীয়া জন্ত্ত [ইয়াৰ অনেক জাতি আছে; যেনে-বৰ বা ডলা-মূৰীয়া, বামুণী, দুবা, বেং, শিল, উলু-কাছ, ইত্যাদি]
chelonia; tortoise; turtle
- কাছ-গোৰkācha-goraNoun
বলেৰে মৰা গোৰ
a heavy kick
- কাছলkāchalaNoun
পিন্ধা কাপোৰৰ ওলমি থকা ছোবা
that part of a garment which remains loose and hanging
- কাছাৰka.sarProper Noun
কাছাৰ দক্ষিণ অসমৰ এখন জিলা| এই অঞ্চলেদি বৰাক নদী প্রবাহিত হৈছে, সেয়ে এই অঞ্চলক বৰাক-উপত্যকা বুলি জনা যায়| ইয়াৰ সদৰ চহৰ শিলচৰ| বৰাক-উপত্যকাৰ চৰকাৰী ভাষা ’বঙালী’ আৰু স্থানীয় কথিত ভাষা ’চিলেটী’ |
Cachar is a district of south Assam. Barak river flows through this district. So this area is also called Barak-valley. Silchar is the district-head-quarter of Cachar. The official language of Barak-valley is Bengali and the local spoken language is "Sylheti".
- কাছাৰীka.sa.riMaterial Noun
an assembly including one or more judges to conduct judicial business
- কাছুটিkāchuṭiNoun
তিয়নি, অৰ্থাৎ সদায় পিন্ধা চুৰিয়া বা মেখেলা,
a waist-cloth for ordinary use
- কাছ্-পাৰkāch-pāraIntransitive verb
ভালকৈ কাপোৰ-কানি পিন্ধ্
to be fully dressed
- কাছৰkācharaNoun
অসমৰ এবিধ ভাল জাতৰ ম'হ
a buffalo of the best breed