কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰ্ম্মঠkarmmaṭhaAdjective
কামত নিপুণ বা পাৰ্গত; কামত পটু
skilful in work
- কৰ্ম্মণ্যkarmmaṇyaAdjective
কামিলা; কামৰ যোগ্য; কামত লাগি থকা
useful; fit for work; engaged in work
- কৰ্ম্মদক্ষkor.mo.do.khyoProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কৰ্ম্মনশীয়াAdjective
যাৰ অযোগ্যতাৰ কাৰণে বা দুৰ্ভাগ্যৰ কাৰণে কৰ্ম্ম নিষ্পল হয়, দুৰ্কপলীয়া
unlucky
- কৰ্ম্মনাশাkarmmanāśāAdjective
কাম নাশ বা নষ্ট কৰোঁতা; হানিকৰ
beneful or injurious to work or progress
- কৰ্ম্মনিপুণkor.mo.ni.punProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কৰ্ম্মনিষ্ঠkarmmaniṣṭhaAdjective
একান্ত কৰ্ম্মী
firm or sincere in work
- কৰ্ম্মপটুkor.mo.po.tuProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কৰ্ম্মপ্ৰাণkarmmaprāṇaAdjective
কৰ্ম্মই যাৰ প্ৰাণ-স্বৰূপ; সদায় কৰ্ম্ম কৰি থকা; যি কৰ্ম্মৰ বাহিৰে আন একোকে নেজানে
earnest; devoted to work
- কৰ্ম্মভোগkarmmabhogaNoun
কৰ্ম্ম-ফল; নিজ কৰ্ম্মৰপৰা হোবা ভালমন্দ ফল; বিশেষকৈ পূৰ্ব্বজন্মৰ বেয়া কৰ্ম্মৰ ফল
sufferings caused by evil acts (especially done in a previous birth)
- কৰ্ম্মময়karmmamaẏaAdjective
নানা কাৰ্য্যত নিযুক্ত (জীবন)
full of activities
- কৰ্ম্মশালীkarmmaśālīAdjective
কৰ্ম্মদক্ষ
devoted to work
- কৰ্ম্মশীলkor.mo.xilProper Adj.
বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
able to or carry out work with great labour or effort
- কৰ্ম্মহীনkarmmahīnaAdjective
কাম-কাজৰ সংস্হান নোহোবা
unemployed
- কৰ্ম্মাণিকkarmmāṇikaAdjective
পূৰ্ব্ব জন্মৰ কৰ্ম্ম-ফলৰপৰা হোবা; যেনে-"কৰ্ম্মাণিক নৰিয়া"
resulting from previous life's acts
- কৰ্ম্মাধীনkarmmādhīnaAdjective
কৰ্ম্ম-ফলৰ অধীন; কাম অনুসৰি ফল পোবা; যেনে-"কৰ্ম্মাধীন জগত"
subject to consequences of one's actions
- কৰ্ম্মিষ্ঠkarmmiṣṭhaAdjective
সদায় কামত লাগি থকা
active; industrious
- কৰ্ম্মীkarmmīNoun
প্ৰকৱত কাম কৰোঁতা
a real worker
- কৰ্মৰতProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- কৰ্ষিতAdjective
চাহ কৰা
cultivated; tilled