কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰ্মপ্ৰাণkarmaprāṇaAdjective
কৰ্ম্মই যাৰ প্ৰাণ-স্বৰূপ; সদায় কৰ্ম্ম কৰি থকা; যি কৰ্ম্মৰ বাহিৰে আন একোকে নেজানে
earnest; devoted to work
- কৰ্মপৰায়ণkor.mo.po.ra.yonProper Adj.
কামত আগ্ৰহযুক্ত নিষ্ঠাৰে কাম কৰা ব্যক্তি, একান্ত কৰ্মী ।
One who do works with interest, do work sincerely, maintain punctuality
- কৰ্মবিমুখkor.mo.bi.mukhProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- কৰ্মবিহীনProper Adj.
যাৰ ধন উপাৰ্জন কৰিব পৰা কোনো চাকৰি বা কাম নাই
not having a job that provides money
- কৰ্মব্যস্তkor.mo.byos.toVerbal Adj.
কোনো কাম বা বিষয়ত মনোযোগ দি থকা |
To occupy the attention or efforts of (a person or persons).
- কৰ্মভোগkarmabhogaNoun
কৰ্ম্ম-ফল; নিজ কৰ্ম্মৰপৰা হোবা ভালমন্দ ফল; বিশেষকৈ পূৰ্ব্বজন্মৰ বেয়া কৰ্ম্মৰ ফল
sufferings caused by evil acts (especially done in a previous birth)
- কৰ্মময়karmamaẏaAdjective
নানা কাৰ্য্যত নিযুক্ত (জীবন)
full of activities
- কৰ্মশালীkarmaśālīAdjective
কৰ্ম্মদক্ষ
devoted to work
- কৰ্মশীলkor.mo.xilProper Adj.
কামত আগ্ৰহযুক্ত নিষ্ঠাৰে কাম কৰা ব্যক্তি, একান্ত কৰ্মী ।
One who do works with interest, do work sincerely, maintain punctuality
- কৰ্মহীনkarmahīnaAdjective
কাম-কাজৰ সংস্হান নোহোবা
unemployed
- কৰ্মাণিকkarmāṇikaAdjective
পূৰ্ব্ব জন্মৰ কৰ্ম্ম-ফলৰপৰা হোবা; যেনে-"কৰ্ম্মাণিক নৰিয়া"
resulting from previous life's acts
- কৰ্মাধীনkarmādhīnaAdjective
কৰ্ম্ম-ফলৰ অধীন; কাম অনুসৰি ফল পোবা; যেনে-"কৰ্ম্মাধীন জগত"
subject to consequences of one's actions
- কৰ্মিষ্ঠkarmiṣṭhaAdjective
সদায় কামত লাগি থকা
active; industrious
- কৰ্মীkarmīNoun
প্ৰকৱত কাম কৰোঁতা
a real worker
- কৰ্ম্ম-কাণ্ডীAdjective
জ্ঞান, ভক্তি এৰি যাগযজ্ঞাদি কৰ্ম্মত বিশেষকৈ আসক্ত; সাধাৰণ শৰাধ আদি কৰা
specially practising ceremonies and rituals
- কৰ্ম্ম-গতkarmma-gataAdjective
কৰ্ম্মৰ দ্বাৰায় পোবা বা অৰ্জ্জা
earned or attained by one's actions
- কৰ্ম্মক্ষমkarmmakṣamaAdjective
কামত নিপুণ বা পাৰ্গত
able to work skilful
- কৰ্ম্মকৰ্ত্তাkor.mo.kor.taVerbal Adj.
প্ৰকৃত কাম কৰোঁতা, যি প্ৰকৃততে কোনো কাম সম্পন্ন কৰে।
the real worker, who actually carries something into effect.
- কৰ্ম্মগতkor.mo.gotVerbal Adj.
নিজৰ কামৰ ফলস্বৰূপে লাভ কৰা বা ঘটা
earned or attained as a result of own acts
- কৰ্ম্মজড়karmmajaṛaAdjective
নানা কৰ্ম্মত লাগি থকাৰ কাৰণে অন্তৰ জড় বা উচ্চভাবহীন হোবা
having higher sentiments stified owing to pressure of various rites