কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাত পাত্hat patVerb-Intran.
পাবলৈ প্ৰাৰ্থনা কৰ্
to ask for as a gift, as charity, or as a favor
- হাত মাৰ্hat marVerb-Trans.
সুবিধা পালে লাভ কৰ
to obtain unlawfully when there is a chance
- হাত-উজান দেhat-u.jan deVerb-Trans.
কাৰোবাক কোনো প্ৰয়োজনীয় কাম কৰি দিয়া৷
to provide what is necessary to do a task or satisfy a need
- হাত-কেৰেয়া মাৰ্Verb
to handcuff
- হাত-চাপৰি দেhat sa.po.ri deVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- হাত-তালি দেhat-ta.li deVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- হাত-তালি মাৰ্hat ta.li marVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- হাত-বাউল দি মাতhat-ba.ul di matVerb-Trans.
হাত জোকাৰি কাৰোবাক আহিবলৈ ইংগিত দিয়া বা কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰা যাতে তেওঁ ওচৰলৈ আহে৷
to call/invite somebody's attention by movements of the hands.
- হাত-যোৰ কৰিhat-jo`r ko.riVerbal Adj.
(an action) carried out with grace, warmth and respect
- হাততসাৰে-ভৰিতসাৰেha.tot.xa.re-bho.rit.xa.reAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- হাতে পতিhāte, patiAdverb
হাতে হাতে; প্ৰতি হাততে; প্ৰত্যেকৰ হাতত
in each or everyone's hand
- হাতে হাত ধৰিha.te hat dho.riVerbal Adj.
একেটা কামতে অনেকজনে ধৰি বা হাত লগাই পৰস্পৰে সহায়কৈ কৰা ৷
to do any work by helping each other.
- হাতে হাতেhāte, hāteAdverb
হাতে হাতে; প্ৰত্যেকৰ হাততে
in everyone's hand
- হাতে-কামেAdverb
Working or participating in an active manner
- হাতে-পাতেhāte-pāteAdverb
আটায়ে মিলি ধৰা-ধৰিকৈ
jointly
- হাতে-লোটেha.te-lo`.teAdverb
In the act of committing a crime or doing something wrong
- হাতেসজাha.te.xo.jaVerbal Adj.
হাতেৰে তৈয়াৰী বা হাতেৰে কৰা।
done or made by hand.
- হাদুৰাhādurāIntransitive verb
হাবিদা; গোচৰীয়া-পদকীয়াক মুখা-মুখি বা উপস্হিত কৰি সোধ্ বা বিচাৰ কৰ্
to examine the parties in presence of each other
- হানি ঘটাha.ni gho.taVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- হানি হha.ni hoVerb-Intran.
ব্যৱসায় বাণিজ্যত আৰ্থিকভাৱে ক্ষতি হ৷
to suffer material loss in a financial activity