কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুক্তিবিৰুদ্ধProper Adj.
যুক্তিযুক্ত অৰ্থ বা সঙ্গতি নথকা
having no logical ordering or meaning (of words in a sentence)
- যুক্তিযুক্তyuktiyuktaAdjective
উচিত; সঙ্গত
reasonable; proper
- যুক্তিশূণ্যProper Adj.
যুক্তি অনুসৰি নোহোৱা।
not according to reason.
- যুক্তিসঙ্গতAdjective
'যুক্তিযুক্ত'।
- যুক্তিসন্মতjuk.ti.xon.motProper Adj.
having logic or reason that can be explained properly.
- যুক্তিসিদ্ধjuk.ti.xid.dhoProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- যুক্তিহীনAdjective
অযুগুত; যুক্তি বা কাৰণ নথকা; অসঙ্গত
unreasonable
- যুক্তৰাষ্ট্ৰীয়Proper Adj.
এনে এক প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কীয়, য`ত বহুকেইখন ৰাজ্য মিলি একগোট হয় কিন্তু আভ্যন্তৰিণ বিষয়সমূহৰ ক্ষেত্ৰত স্বতন্ত্ৰতা বজাই ৰাখে৷
having or relating to a system of government in which several states form a unity but remain independent in internal affairs
- যুগজয়ীju.go.jo.yiProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- যুগমীয়াyugamīẏāAdjective
এক যুগ হোবা; বহু কাম থকা
very durable; existing from a very long time past
- যুগলীProper Adj.
দুটা সমৰূপী ক্ৰম’জমৰ সংযোগৰ সৈতে জড়িত৷
pertaining to associations of two homologous chromosomes.
- যুগান্তকাৰীju.gan.to.ka.riProper Adj.
মানুহৰ ইতিহাস চিন্তা অথবা জ্ঞানৰ দিশত নতুন যুগৰ সূচনা কৰিব পৰা
(an event) so dramatic that it opened a new era, as in human history, thought, or knowledge
- যুগান্তৰীju.gan.to.riProper Adj.
মানুহৰ ইতিহাস চিন্তা অথবা জ্ঞানৰ দিশত নতুন যুগৰ সূচনা কৰিব পৰা
(an event) so dramatic that it opened a new era, as in human history, thought, or knowledge
- যুগুতyugutaAdjective
যুগ সঙ্গত; যুক্তিযুক্ত; উচিত
proper; reasonable
- যুগুতিyugutiNoun
যুক্তি; কাৰণ; যেনে-"নলাগে মাগিবে তাক শুনিয়ো যুগুতি" (ভক্তি ৰত্নাবলী)
- যুগ্মকjug.mokProper Adj.
কেৱল দুটা সংখ্যাৰ ওপৰত প্ৰতিষ্ঠিত; দুটা অংশ থকা; ০ আৰু ১ সংখ্যা দুটাৰ ওপৰত ভিত্তি কৰা সংখ্যা পদ্ধতি।
based on only two numbers; consisting of two parts; using only 0 and 1 as a system of numbers.
- যুটীয়াyuṭīẏāAdjective
দুই বা তাতকৈ অধিক লোক যোগ থকা
joint
- যুতyutaNoun
বিয়াত টেমী-কটাৰী সলোবা কাৰ্য্য
the exchange of lime-pot and knife between the bride and bride-groom as a part of the marriage ceremony
- যুদ্ধংদেহিjud.dhong.de.hiProper Adj.
ৰণ কৰিবলৈ ভাল পোৱা
Aggressive and wanting to fight.
- যুদ্ধকালীনjud.dho.ka.linProper Adj.
যুদ্ধৰ সময় বা যুদ্ধৰ সময়ৰ দৰে ।
caused by, characteristic of, or occurring during war