কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিবিদাni.bi.daAbstract Noun
নিৰ্দ্দিষ্ট মূল্যৰ বিনিময়ত কোনো কাম সম্পাদন কৰা, কোনো সামগ্ৰী যোগান ধৰা আদিৰ বাবে এটা পক্ষই আন এটা পক্ষক লিখিতভাৱে দিয়া প্ৰস্তাৱ
an offer made in writing by one party to another to execute certain work, supply certain commodities, etc., at a given cost.
- নিবিষ্টচিত্ততাni.bis.to.sit.to.taVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- নিবিষ্টতাni.bis.to.taAbstract Noun
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
the ability or the process of thinking about without distraction and working hard in one direction.
- নিবিড়তাni.bi.ro.taAbstract Noun
অতি নিকট বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা
having close friendly relationship
- নিবীৰ্য্যতাni.bir.jyo.taAbstract Noun
পুৰুষ-শক্তি নথকা বা দুৰ্বল আৰু সঙ্গমৰ বাবে অক্ষম অৱস্থা ৷
the quality of lacking strength or power; being weak and feeble and inability (usually of the male ) to copulate.
- নিবৃত্তিni.brit.tiAbstract Noun
পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
Deliverance from the power or penalty of sin, redemption.
- নিবেদনnibedanaNoun
সম্ভ্ৰমেৰে জনোবা কাৰ্য্য
the act of informing respectfully
- নিবেদন পত্ৰni.be.don pot.roMaterial Noun
ডাঙৰ লোকক অথবা বিষয়াক কোনো কথা জনাবলৈ লিখা চিঠি|
A formal message requesting something that is submitted to an authority.
- নিবেশnibeśaNoun
স্হাপন; প্ৰতিষ্ঠা; যেনে-"চৌষষ্ঠি তম্ভুত তাক কৰিলা নিবেশ" (মা. ক., অযোধ্যাকাণ্ড)
establishment
- নিবোকা চামোনni.bo’.ka sa.mo’nProper Noun
কথা বতৰা বৰকৈ নোকোৱা বা কবলৈ মন নেমেলা ব্যক্তি ৷
a habitually reserved and uncommunicative man.
- নিবোকা- চামোনNoun
কথা নোকোবা মানুহ
a very reticent person
- নিবৰ্তনNoun
উলটি অহা কাৰ্য্য; যেনে -"পৰমেশ্বৰ উপাসক সব তান স্বৰূপ মায়া নিবৰ্ত্তন নহে" (ক. গী.)
the act of returning
- নিবৰ্ত্তনNoun
উলটি অহা কাৰ্য্য; যেনে -"পৰমেশ্বৰ উপাসক সব তান স্বৰূপ মায়া নিবৰ্ত্তন নহে" (ক. গী.)
the act of returning
- নিবৰ্হনni.bor.honVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- নিভাবনাnibhābanāNoun
"নিৰ্ভাবনা" চোবাঁ।
- নিভৃততাni.bhri.to.taAbstract Noun
আপোন ভাৱ থকা এক অতি মধুৰ সম্পৰ্ক
Known closely or close personal and warm relation
- নিভৃতিni.bhri.tiAbstract Noun
আপোন ভাৱ থকা এক অতি মধুৰ সম্পৰ্ক
Known closely or close personal and warm relation
- নিমnimaNoun
এবিধ সাধাৰণ ওখ-ডাঙৰ গছ [ইয়াৰ দুবিধ -মহানিম আৰু ঘোঁৰানিম।]।
- নিমখnimakhaNoun
লোণ
alt
- নিমখ-হাৰামিni.mokh-ha.ra.miAbstract Noun
উপকাৰ নমনা অথৱা উপকাৰৰ সলনি অপকাৰ কৰা স্বভাৱ |
Not giving due return or recompense for benefits conferred.