কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিগনিniganiNoun
লৰু জাতি শলিয়া
a kind of mouse
- নিগনি খুঁটিni.go.ni khu~.tiMaterial Noun
তাঁতশালত গৰকা ধৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা দুফেৰেঙনীয়া বাঁহৰ খুঁটি ।
a pole for keeping the treadles of a loom in position.
- নিগনি-কুন্দাNoun
নিগনি-শলিয়া ধৰা ফান্দ
a mouse-trap
- নিগনি-গুবাnigani-gubāNoun
এবিধ বনৰীয়া আওকাঠী গছ; বৰুণ
a kind of tree; eleocarpus veruna
- নিগনি-গুৱাni.go.ni-gu.waProper Noun
উত্তৰ ভাৰতৰ হাবিত পোৱা এবিধ আওকাঠী গছ, যাৰ ফল খাব পাৰি
a kind of wild tree of northern India, the fruits of which may be eaten
- নিগনি-ফান্দni.go.ni-phandMaterial Noun
নিগনি বা এন্দুৰ ধৰা যতন বা আহিলা।
a device, machine, or the like whose structure or function suggests a trap for mice.
- নিগনি-বাটিnigani-bāṭiNoun
দীঘল ঠাইৰ অভাবত কেইবাটাও খুঁটি পুতি তাত ঘূৰাই-পকাই কৰা তাতৰ বাটি
act of laying out the warp of loom in a zigzag way for want of a sufficiently long place
- নিগমnigamaNoun
বেদ,
the Vedas
- নিগূঢ়nigūṛhaNoun
গুপ্ত; গভীৰ; দুৰ্জ্ঞেয়
hidden; concealed; secret; obscene
- নিগূঢ়াৰ্থni.gu.rar.thoAbstract Noun
কোনো শব্দ, কথা বা চিহ্ণৰ নিহিত তাৎপৰ্য।
what is intended to be, or actually is, expressed or indicated.
- নিগ্ৰহnigrahaNoun
অনুগ্ৰহ বা দয়াৰ অভাব; কষ্টদান
disfavour
- নিগ্ৰিবটুnigribaṭuNoun
নিগ্ৰো জাতিৰ পৰ্য্যায়ৰ জন-গোষ্ঠী
Negritto
- নিগ্ৰোnigroNoun
আফ্ৰিকা মহাদেশৰ এজাতি আদিমবাসী
negro
- নিগ্ৰ’nig.roCommon Noun
মুখ্যতঃ আফ্ৰিকা মূলৰ কলা বৰণৰ জনসমষ্টি।
A human race originating from the continent of Africa with dark skin.
- নিগড়nigaṛaNoun
শিকলি; জৰী; যেনে-"পুত্ৰ-দাৰা-নিগড়ে বান্ধিলো দুয়ো ভৰি" (কীৰ্ত্তন)।
- নিগৰণni.go.ronVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- নিঘৰ্ষণ বলয়ni.ghor.xon bo.loyMaterial Noun
কোনো যান্ত্ৰিক ব্যৱস্থাত যোজন বিন্দুৰে পনীয়া বস্তু সৰকিব নোৱাৰা কৰিবলৈ অথবা সমানে চাপ বিতৰণ কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, ৰবৰ বা ধাতুৰে তৈয়াৰী চেপেটা আঙঠি বা ফুটা কৰা সঁজুলি।
a flat ring or perforated piece of leather, rubber, metal, etc., used to give tightness to a joint, to prevent leakage, to distribute pressure, etc., as under the head of a nut or bolt.
- নিঙনিniṅaniNoun
"নিগনি" চোবাঁ; যেনে-"লঙ্কাখান পুৰিয়া কৰিলো ছাৰমসি। ঢোলৰ ভিতৰে যেন নিঙনিয়ে পশি" (মা. ক., সুন্দৰাকাণ্ড)।
- নিচাnicāNoun
ৰাগী
intoxication
- নিচাদেউni.sa.deuCommon Noun
নিজৰ মাতৃৰ ডাঙৰ ককায়েক৷
elder bother of ones mother