কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লাজতৰিlājatariIntransitive verb
লাজ পায়; যেনে-"পেখি মদন কোটি লাজতৰি" (বৰগীত)।
- লাজে লাজেlāje, lājeAdverb
লাজ ৰাখি; মান ৰাখি; লাজ নোপোবাকৈ
without being exposed or insulted
- লাথ মাৰ্lath marVerb-Trans.
ভৰিৰে আঘাত কৰ্।
to hit sth using the leg.
- লানি পাত্la.ni patVerb-Intran.
এটাৰ পাছত আনটোকৈ একেডাল ৰেখাত থিয় দে বা বহি থাক্ (বিশেষকৈ কোনো সেৱা গ্ৰহণ কৰাৰ উদ্দেশ্যে)
to stand or sit in a line one after another (specially to receive certain service)
- লাফ-জাঁপlaph-ja~pVerbal Noun
ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet.
- লাবতlābataTransitive verb
লোবা; লগা; যেনে-"ৰে মন ৰামচৰণ ৰতি লাবত" (বৰগীত)।
- লাভ উঠাlabh u.thaVerb-Trans.
কোনোবাই/ বা আপুনি নিজে আপুনি কৰা কিবা কামৰ পৰা সুফল লাভ কৰা৷
to gain an advantage or to obtain something good as a result of something one has done.
- লাভ কৰ্labh korVerb-Trans.
দৰমহা, ভাড়া, কেঁচামালৰ খৰচ আদি বাদ দিয়াৰ পাচত ধনাৰ্জন কৰ্
to earn money after deducting wages, rent, cost of raw materials.
- লালচীAdjective; Intransitive verb
লালচ কৰ্।
- লালটি উলিয়াle.la.ti u.li.yaVerb-Trans.
মুখৰ পৰা লেলাউটি পৰিবলৈ দে৷
to let saliva fall from the mouth.
- লালন-পালন কৰ্la.lon-pa.lon korVerb-Trans.
যত্ন ল আৰু শিকাই-বুজাই ডাঙৰ কৰ্
to care for and train (a child)
- লালিত-পালিতla.li.to-pa.li.toVerbal Adj.
যাক তুলি-তালি ডাঙৰ-দীঘল কৰা হৈছে
who has been nourished, supported or raised
- লাসেlāseVerb; Noun
মধুৰকৈ; যেনে-"স্বামীক বিঞ্চন্ত লাসে সুন্দৰী" (গুণমালা)।
- লাহে ধীৰেla.he dhi.reAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- লাহে লাহেlāhe, lāheAdverb
ধীৰে ধীৰে
slowly
- লাহে-ধীৰেlāhe-dhīreAdverb
লাহে লাহে সুস্হিৰ হৈ; ধীৰে-শাঁতে
slowly; quietly
- লাহে-লাহেla.he-la.heAdverb
গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা
moving or proceeding with little or less than usual speed or velocity
- লাহেকৈlāhekaiAdverb
হেঁচা বা টেপা নমৰাকৈ; মৱদুৰূপে
gently; softly; lightly
- লাড়lāṛaTransitive verb
"লাৰ্" চোবাঁ।
- লাৰlāraTransitive verb
জোকাৰ্; সঞ্চালিত কৰ্; লৰা
to move; to stir