কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খচ্ মচ্khos.mosAbstract Noun
শুকান পাত আদি লৰিলে হোৱাৰ নিচিনা শব্দ৷
An imitative sound used to express a rustling noise.
- খচৰাkhacarāNoun
পাণ্ডুলিপি; আঁচনি
a rough draft
- খচৰ্khacarNoun
কল-গছ আদি কোমল বস্ত্ত অকস্মাৎ বলেৰে কাটিলে বা খুঁচিলে হোবা শব্দ; সেই নিচিনা আন শব্দ বা মাত
an imitative word used to express the sound produced by cutting or spearing a soft body or a similar sound of speech, etc.
- খচৰ্ খচৰ্Noun
ঘনাই আৰু অলপ ৰৈ ৰৈ কৰা শব্দ বা সেই নিচিনা মাত।
- খছৰাkhacharāNoun
পাণ্ডুলিপি; আঁচনি
a rough draft
- খজলkho.jolMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- খজা বন্দুকko.ja bon.dukMaterial Noun
আগৰ দিনত যুদ্ধত ব্যৱহৃত ডাঙৰ আৰু গধূৰ খজা বন্দুক।
Large and heavy mounted gun, used in historical times.
- খজিনাkhajināNoun
জেউৰ; ঠেঁহ; ৰোহ; একেটা কথা বা বস্ত্তত ধৰি থাকি কৰা আমনি
childish fastidiousness or squeamishness
- খজিৰkhajiraNoun
খৈৰ; এবিধ গছ।
- খজুবতিkhajubatiNoun
আঁচুৰিলে বা খজুবালে সূত লগা এক প্ৰকাৰ অখবোধ
an itching sensation
- খজুলিkhajuliNoun
গাৰ ছালৰ ওপৰত হোবা আৰু বৰ খজুবতি ধৰা এবিধ খুদ খহু
itches
- খজুলি-খহুkhajuli-khahuNoun
গাৰ ছালৰ ওপৰত হোবা আৰু বৰ খজুবতি ধৰা এবিধ খুদ খহু
itches
- খজুৱতিkho.ju.wo.tiAbstract Noun
ছালত অনুভৱ কৰা খচখচনি
An irritation on the skin
- খজ্যোতিঃkho.jyo`.tihProper Noun
পেটৰ পাছফালে পোহৰ সৃষ্টি কৰিব পৰা এক অঙ্গ থকা এবিধ নিশাচৰ পতঙ্গ
a nocturnal insect with a light-producing organ at the rear of the abdomen
- খঞ্জনkhañjanaNoun
এবিধ সৰু চৰাই
a wagtail
- খঞ্জৰkhañjaraNoun
অস্ত্ৰ-বিশেষ
a dagger
- খঞ্জৰীটkhañjarīṭaNoun
খঞ্জন; খঞ্জন পক্ষী; খঞ্জৰী চৰাই; যেনে-"সেহিবেলা উড়ি যাই খঞ্জৰীট পক্ষী। তাক জাম্প দিয়া ধৰিলেক চিত্ৰলেখী" (কুমৰ-হৰণ)।
a wagtail
- খটkhaṭaNoun
দুষ্ট লোক; যেনে-"খট চোৰ ডকাইতে লুটিবে গ্ৰাম দেশ" (ভাগবত
- খটংkhaṭamNoun
দুটা টান, বিশেষকৈ ধাতুৰ, বস্ত্তৰ ঠেকা লাগিলে হোবাৰ নিচিনা অলপ দীঘলীয়া তীক্ষ্ণ শব্দ
an imitative word used to express the sound produced by the collision of two hard bodies, as metals
- খটখটিkhaṭakhaṭiNoun
ইটা, শিল বা আন টান বস্ত্তৰে বন্ধোবা জখলা
stairs or steps made of brick, stone or other hard material