কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুৱান-ধুৱানkhu.wan-dhu.wanAbstract Noun
অতিথিক কৰা শুশ্ৰুষা ।
Friendly reception and treatment of guests or strangers.
- খূদুবনিkhūdubaniNoun
উগুল-থুগুল; চিন্তা-ভাবনা; ধী-ধীয়নি
anxiety
- খূৰ্পীkhur.piMaterial Noun
মাটি খান্দিবলৈ ব্যৱহাৰ কৰা এবিধ লোৰ সঁজুলি।
An iron instrument for digging earth.
- খেঁকটkhem̐kaṭaNoun
কেঁক বা খেঁক শব্দ; কৰ্কশ মাত।
- খেঁকশিয়ালthe~k.xi.yalCommon Noun
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail. Kingdom: AnimaliaPhylum: ChordataClass: MammaliaOrder: CarnivoraFamily: CanidaeTribe: Vulpini
- খেঁকাৰkhem̐kāraNoun
ডিঙিৰপৰা বাজ কৰা কফ
expectoration; spittle
- খেঁকাৰিkhem̐kāriNoun
খেঁকাৰ উলিওবা কাৰ্য্য।
- খেঁকেৰুkhem̐keruNoun
ঠেঙত চিপজৰী লগাই সৰু চৰাই ধৰা এবিধ সৰু ধেনুৰ নিচিনা ফান্দ
a kind of springe posted on a fence, etc., for catching small birds
- খেওkheoNoun
পানীত মাছ ধৰিবলৈ জাল মাৰি বা পেলাই আকৌ তুলি অনা কাৰ্য্য
the act of casting and drawing a fish- net
- খেক, খেক্ খেক্kheka, khek, khekNoun
শিয়াল, বান্দৰ আদিৰ খং উঠিলে কৰা কৰ্কশ শব্দ।
- খেকাৰkhe.karMaterial Noun
শ্বাসনলীত প্ৰস্তুত হোৱা, কাহিলে মুখেদি বাহিৰ হৈ যোৱা ঘন, লেকেতীয়া তৰল।
Thick viscous fluid secreted by the mucous membranes of the respiratory passages, discharged by coughing.
- খেকেৰুkhe.ke.ruMaterial Noun
ধনু আকৃতিৰ চৰাই ধৰা ফান্দ|
a bow-shaped bird catching apparatus
- খেক্খেকনিNoun
খেক্ খেক্ কৰা কাৰ্য্য।
- খেচমতkhes.motAbstract Noun
বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম
regular activity performed in exchange for payment, especially as trade, occupation, or profession
- খেচালনিkhe.sa.lo.niVerbal Noun
বাৰে-বাৰে কটু কথা কৈ আমনি লগোৱা কাৰ্য্য
the act of making annoyed by repeatedly speaking harsh words
- খেচাৰতkhecārataNoun
ক্ষতিপূৰণ
compensation
- খেচেং-মেচেংAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- খেচেংমাহkhecemmāhaNoun
কটাৰী-ডবুবা মাহ; পকিলে গুটি ৰঙা হোবা এবিধ মাহ
a kind of pulse
- খেচেৰী-কাঁইটkhecerī-kām̐iṭaNoun
ছিৰলি ছিৰলি পাতেৰে এবিধ বনৰীয়া ডাঙৰ লতা
a kind of wild thorny creeper
- খেচ্khecNoun
চোকা অস্ত্ৰেৰে কোমল গছ আদি কাটিলে উঠাৰ নিচিনা শব্দ; চোকা কৰ্কশ মাত
an imitative word used to express the sound produced in cutting a soft thing with a sharp instrument; sharp and rash speech or word