কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিন্দুস্তানhin.dus.tanProper Noun
দক্ষিণ এছিয়াৰ এখন দেশ
a country in the south Asia
- হিন্দুস্হানীAdjective
হিন্দুস্হানৰ; হিন্দুস্হান-সম্পৰ্কীয়; হিন্দুস্হানত হোবা বা ওপজা
belonging to Hindustan
- হিন্দোলা-হিন্দোলিhindolā-hindoliNoun
তল-ওপৰ; যেনে-"হিন্দোলা হিন্দোলি কৰে ধৰণীমণ্ডল" (বঘাসুৰবধ)।
- হিন্যুলhi.nyulCommon Noun
দ ঠাইত হোৱা এবিধ মজলীয়া আকাৰৰ জোপোহা গছ, প্ৰায় ৫-৮ মিটাৰ ওখ; থোপা-থোপে লগা ইয়াৰ গুটি ঔষধত ব্যৱহৃত হয় ৷
an evergreen tree of moderate size; 5-8 m tall with rough fissured dark grey bark and with red flowers; scientific name: Barringtonia acutangula
- হিব্ৰুhibruNoun
ইহুদি জাতিৰ মানুহ
Hebrew ; a Hebrew
- হিমhimaNoun
নীয়ৰ; বায়ুৰ লগত মিহলি হৈ থকা পানীৰ ভাপ; চেঁচা আৰু ঘন হৈ পৱথিবীৰ বস্ত্তৰ ওপৰত পৰি থকা পানীৰ কণিকা; [বেছি চেঁচা পালে পানীৰ ভাপবিলাক আকাশতে ঘন হৈ গোট মাৰি অধিক পৰিমাণএ পৱথিবীত বগা হৈ পৰেহি তেতিয়া তাক বৰফ বোলে।]।
dew ; (frost, snow)
- হিম দংশনhim dong.xonAbstract Noun
অতিপাত ঠাণ্ডাত গাৰ কোনো কোনো অংশ, বিশেষকৈ আঙুলি আদিৰ ক্ষতি হোৱা৷
a condition where parts of the body like fingers and toes are seriously injured/ damaged as a result of freezing temperature.
- হিম মানৱhim ma.nobMaterial Noun
বৰফেৰে তৈয়াৰী মানুহৰ প্ৰতিকৃতি৷ সাধাৰণতে সৰু ল’ৰা ছোৱালীয়ে ধেমালি কৰিবৰ বাবে বনায়৷
a man like figure that people, especially children, make out of snow for amusement.
- হিম-জলhim-jolMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- হিম-শিলাMaterial Noun
জল ভাগত ওপঙি থকা বৃহৎ বৰফখণ্ড।
An extremely large mass of ice floating in the sea.
- হিমকণাhim.ko.naMaterial Noun
বৰফৰ এক ওলমি থকা, জোঙাল টুকুৰা
a pendant spear of ice
- হিমকণিকাhim.ko.ni.kaMaterial Noun
বৰফৰ সৰু সৰু কণিকা৷
one of the small, feathery masses or flakes in which snow falls.
- হিমকিৰণhim.ki.ronMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- হিমক্ষেত্ৰhim.khyet.roCommon Noun
সকলো সময়তে বৰফেৰে ঢাক খাই থকা ঠাই৷
an area that is always covered with snow.
- হিমক্ৰিয়াAbstract Noun
কোনো বস্তু ঠাণ্ডা কৰাৰ প্ৰণালী
the process of making something cool
- হিমকৰhi.mo.korMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- হিমগিৰিhimagiriNoun
হিমালয় পৰ্ব্বত
the Himalayan range of mountains
- হিমগ্ল’বিন্hi.mo.glo``.binMaterial Noun
মেৰুদণ্ডী প্ৰাণীৰ লোহিত ৰক্ত কণিকাত থকা ৰঙা, শ্বসনৰ লগত জড়িত ৰঞ্জক পদাৰ্থ ।
A red substance in the blood that carries Oxygen and contains Iron.
- হিমন্ত বিশ্ব শৰ্মাProper Noun
২০২১ চনৰপৰা অসমৰ মুখ্যমন্ত্ৰীৰ পদত থকা ব্যক্তি বিশেষ।
The chief minister of Assam since 2021.
- হিমপ্ৰপাতhim.pro.patAbstract Noun
হুৰমূৰাই নামি অহা বৰফৰ প্ৰবাহ
a large mass of snow, ice, etc., detached from a mountain slope and sliding or falling suddenly downward