কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুলশালিkhulaśāliNoun
ভাৰ্য্যা বা ঘৈণীৰ সৰু ভায়েক
a younger brother of one's wife
- খুলশালিNoun
ভাৰ্যা বা ঘৈণীৰ সৰু ভনীয়েক
a younger sister of one's wife
- খুলশালীkhul.xa.liCommon Noun
পত্নীৰ ভনীয়েক
younger sister of one's wife
- খুলিkhuliNoun
মূৰৰ লাওখোলা; যেনে-"মাথাত পৰিয়া ভাঙ্গিলেক শিৰ-খুলি" (মা. ক. লঙ্কাকাণ্ড)
the skull
- খুলীয়াkhulīẏāNoun
খোল বজাওঁতা; খোল বজোবা মানুহ
one playing on a khol
- খুলীয়ানীkhu.li.ya.niCommon Noun
খোল বজোৱা তিৰোতা মানুহ ।
A woman who plays on a musical instrument named Khol.
- খুৎখুতkhutkhutaNoun
সৰু সৰু খুতুৰা।
- খুড়াkhuṛāNoun
খুৰা।
- খুড়ীkhu.riCommon Noun
দেউতাকৰ ভায়েকৰ পন্তী৷
wife of younger brother of ones father
- খুৰkhuraNoun
ডাঢ়ি, চুলি আদি চাঁচি পেলোবা লোৰ অস্ত্ৰ
a razor
- খুৰ-শিলkhura-śilaNoun
খুৰত ধাৰ দিয়া বা খুৰ ধৰোবা শিল; জাৰোণ
a hone; a piece of stone for sharpening razors
- খুৰপতিkhurapatiNoun
অৰ্দ্ধচন্দ্ৰ বা অৰ্দ্ধবৱত্তৰ নিচিনা মুখ থকা কাঁড়
an arrow with a semi-circular head
- খুৰাkhurāTransitive verb
খুৰেৰে চাঁচ্
to shave
- খুৰাদেউkhu.ra.deuCommon Noun
নিজৰ দেউতাকৰ ভায়েক৷
younger brother of one's father
- খুৰি-বাটিkhuri-bāṭiNoun
বৰ-বাটিতকৈ সৰু মজলীয়া আকাৰৰ খুৰা-নাইকিয়া বাটি
a bowl; a cup
- খুৰীদেউCommon Noun
দেউতাকৰ ভায়েকৰ পন্তী৷
wife of younger brother of ones father
- খুৰীবাটিkhu.ri.ba.tiMaterial Noun
Traditional Assamese bowl made of bell-metal. This is a special kind of bowl with a stand and normally used by royal families or rich persons of the societies.
- খুৰুপkhurupaNoun
জাপি বা ছৈ ছাওঁতে তাৰ টকৌপাতবিলাক জাপ খুবাই ধৰি ৰখা বাঁহৰ চেপেটা শলা
a long flat pin of thin split bamboo used for keeping together in position the covering leaves in the process of making japis
- খুৰ্পীkhurpīNoun
কাঠ বা বাঁহৰ নাল লগা এবিধ লোক মাটি খনা বা খোঁচৰা সঁজুলি; চিপৰাং; খন্তি
an iron instrument for digging
- খুৰ্ম্মাkhurmmāNoun
এবিধ মিঠাই
a kind of sweetmeat